ডিজিটেল ডেস্কঃ সেইবাবেই তেওঁ হাৰ্টথ্ৰব। জুবিনে গাইছে, মায়াবিনী ৰাতিৰ বুকুত… উচুপি উঠিছে দৰ্শক। জুবিনে বিভিন্ন মঞ্চতেই পৰিবেশন কৰে মায়াবিনী। কিন্তু কিয় হঠাৎ উচুপি উঠিল দৰ্শক?
বিহুৰ সংগীতানুষ্ঠান পৰিবেশনৰ বাবে জুবিন অসমৰ এটা মূৰৰ পৰা আনটো মুৰলৈ। ৰাইজৰ পাৰভঙা উছাহ। দুবছৰৰ অন্তত প্ৰিয় শিল্পীক দেখিব, গীত শুনিব। অসমৰ যিকোনো প্ৰান্ততেই নহওক কিয়! জুবিন মঞ্চত উঠিলেই সকলো ঠাইতেই দেখা যায় দৰ্শকৰ পাৰভঙা উছাহ। সমালোচনাৰ উৰ্ধত থকা জুবিন! কালি নিশা চিলাপথাৰত সংগীতানুষ্ঠান পৰিবেশন কৰিবলৈ যোৱা জুবিনৰ এটা কথাই কন্দুৱাই গ’ল মঞ্চৰ তলত প্ৰিয় শিল্পীগৰাকীক চাবলৈ ৰৈ থকা প্ৰায় প্ৰতিগৰাকী দৰ্শকক।
জুবিনে সংগীত পৰিবেশনৰ মাজতেই দৰ্শকক উদ্দেশ্যি ক’লে, ‘মায়াবিনী গাইছো আপোনালোকেও সহযোগ কৰক। মই মৰিলে অসমৰ প্ৰতিটো চুকে কোণে কেৱল মায়াবিনীয়েই বাজি ৰ’ব।’ প্ৰিয় শিল্পীগৰাকীয়ে মৃত্যুৰ কথা কোৱাৰ লগে লগেই দৰ্শকৰ সেমেকি উঠিল দুচকু।
প্ৰিয় শিল্পীগৰাকীৰ এনে কথাই আবেগিকতো কৰিবই। জুবিন কেৱল এগৰাকী কণ্ঠশিল্পীয়েই নহয়, এটা প্ৰজন্মৰ আবেগৰ নামেই জুবিন। অসমীয়া সংগীতৰ এটা যুগৰ নামেই জুবিন। প্ৰিয় শিল্পীগৰাকীক কাহানিও হেৰুৱাব নোৱাৰি। মাত্ৰ এষাৰী কথাতেই চকুলো টুকিলে বহুজনে।