1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

ভক্ত সকলেও হয়তো জনা নাছিল! জুবিন নামটোৰ অৰ্থ কি?

  • Update Time : Thursday, May 11, 2023

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গক ছাগে আপুনিও ভাল পায়। কিন্তু আপুনি জানেনে জুবিন নামটোৰ অৰ্থ। শেহতীয়াকৈ জুবিনে শিৱসাগৰত সকলোকে কলে জুবিন নামটোৰ অৰ্থ। বিহু মঞ্চত জুবিনে তেওঁৰ নিজৰ নামৰ অৰ্থ প্ৰকাশ কৰি কলে- জুবিন নামৰ অৰ্থ হৈছে তৰোৱাল। পাৰ্চীসকলৰ ভগৱানে ব্যৱহাৰ কৰা তৰোৱাল খনৰ নাম জুবিন।” নিজকে শিৱসাগৰৰ সন্তান বুলি চিনাকি দি জুবিনে এইদৰে সকলোকে কলে তেওঁৰ নামটোৰ ভিতৰত থকা অৰ্থ।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় এমাহ ধৰি ধাৰাবাহিকভাৱে জুবিনে বিহুমঞ্চত পৰিৱেশন কৰি আছে সংগীতৰ অনুষ্ঠান। পূৰ্বৰ বছৰবোৰতকৈ পৃথকৰূপত দেখা গৈছে জুবিন গাৰ্গ। কিছু চিৰসেউজ গীতক এইবাৰ প্ৰাধান্য দিছে জুবিন গাৰ্গে। ইয়াৰোপৰি পূৰ্বতকৈ বহু শালীনতা ৰক্ষা কৰি এইবাৰ জুবিনে পৰিৱেশন কৰিছে অনুষ্ঠান।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ’বলগীয়া হৈছিল। স়েয়েহে কণমানি জুবিনৰ ল’ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme