1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:19 pm

নামা এতিয়াইঃ মাজ নিশা ৰাস্তাৰ মাজত জুবিন গাৰ্গক গাড়ীৰ পৰা নমাই দিছিল কোনে…

  • Update Time : Tuesday, July 11, 2023

ডিজিটেল ডেস্কঃ খেয়ালী মনৰ অধিকাৰী জুবিন গাৰ্গে বহু সময়ত আনে নকৰা কাম কৰা দেখা যায়।  এটা সৰু লৰাৰ দৰেই কেতিয়াবা জুবিন গাৰ্গে কিছুমান কাম কৰি সন্তুষ্টি লভে।  এই গুণটোৰ বাবেও বহুতে ভাল পায় জুবিন গাৰ্গক। শেহতীয়াকৈ বিশিষ্ট সাংবাদিক তথা লেখক মনোজ কুমাৰ গোস্বামীয়ে পুৰণি এক ঘটনা সামাজিক মাধ্যমত শ্বেয়াৰ কৰোতে জুবিনৰ লগত হোৱা এটা বিশেষ ঘটনাই বেছ চৰ্চা লাভ কৰিছে।

গোস্বামীয়ে ঘটনাতো বৰ্ণনা কৰিছে এনেদৰে- ”নব্বৈৰ দশকৰ আৰম্ভণিৰ পিনে উজনিৰ পিনৰ ল’ৰা কেইজনমান প্ৰায়েই আমাৰ অফিচলৈ আহিছিল৷ তেওঁলোক বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপত জড়িত৷ মানস, পৱিত্ৰ, দেৱতো আহেই, লগত দীঘল চুলিৰ মৰমলগা মুখৰ ল’ৰা এজনো আহে৷ বিভিন্ন কথা পতা যায়, ল’ৰাজনে বিশেষ ভাগ নলয়, মাথোঁ মোৰ টেবুলৰ একোণত আঙুলিৰে টুকুৰিয়াই কিবা গান গুণগুণাই থাকে৷ এদিন মই দলটো ওলাই যোৱাৰ পাছত দেৱক সুধিলোঁ– এই ‘ভদ্ৰলোকজন’নো কোন?

দেৱই ক’লে– এওঁ জুবিন গাৰ্গ, ভাল গান গায়৷ তেতিয়াও ‘অনামিকা’ বা ‘মায়া’ ৰিলিজ হোৱা নাই৷ ‘মায়া’ কেছেটটো যেতিয়া ওলাল, তাৰ পাছত সেয়া ইতিহাস৷ জুবিনে প্ৰায় ২০ হাজাৰমান গান গালে৷ যি সময়ত অসমীয়া গান মানুহে নুশুনা হৈছিল, অসমীয়া সুৰ প্ৰায় হেৰাই গৈছিল, সেই সময়তেই জুবিনৰ আৱিৰ্ভাৱ৷ আজি হকে-বিহকে জুবিন প্ৰায়েই বিভিন্ন বিতৰ্কত সোমাই পৰে, কিন্তু এই গানবোৰৰ বাবেই জুবিনৰ ‘সাত খুন মাফ’! পুৰণি প্ৰজন্মৰ পৰা নতুন প্ৰজন্মলৈ, আমোলাৰ পৰা অপৰাধীলৈ, সাহিত্যিকৰ পৰা সাধাৰণ মানুহলৈ সকলো যিদৰে জুবিনৰ ফেন, সেইদৰে ময়ো জুবিনৰ অনুৰাগী৷

জুবিনৰ গায়কী আৰু সুৰে মোক তেওঁৰ সকলো অহং আৰু ঔদ্ধত্য উপেক্ষা কৰিবলৈ বাধ্য কৰে৷ পিছে এবাৰ মামণি [ৰয়ছম] বাইদেৱে কথা পাতি থাকোঁতে মোক ক’লে– জুবিনক খবৰ দিবাচোন, মই তাৰ বাবে গান দুটামান লিখিছোঁ! মই কথাটো জুবিনৰ কাণ চোৱালোঁ৷ এহ্‌ ডাঙৰ সাহিত্যিকবোৰে বৰ বেয়া গান লিখে বুলি জুবিনে কথাটো উৰাই দিলে৷ মই নক’লোঁ আৰু যে তোমাৰ ‘জগত পোহৰ কৰি আহিব প্লাৱন’তকৈতো মামণি বাইদেউৰ গীতৰ কথা অন্ততঃ ভাল হ’ব৷ অথচ জুবিনে হীৰেন ভট্টাচাৰ্য বা নৱকান্ত বৰুৱাৰ কথাৰে বহু স্মৰণীয় গীত গাইছে৷ কিন্তু জুবিনৰ লগত আৰু কোনে তৰ্ক কৰে!

তৰ্ক নহয়, আন এটা আমোদজনক ঘটনা মনত পৰিছে৷ মই নতুনকৈ কিনা গাড়ীখন লৈ নিশা বন্ধু এজনৰ এটা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈছিলোঁ৷ মই গৈ পাওঁতে পাৰ্টী প্ৰায় শেষেই হৈছে৷ জুবিন তাত বিদ্যমান৷ সমস্যাটো হ’ল ওলাবৰ সময়ত৷ জুবিনে মোৰ গাড়ীখনত বহি জোৰ দি ক’লে যে তেওঁ গাড়ীখন চলাব৷ পৰিস্থিতি দেখি মই আজি চলাব নালাগে বুলি বাৰে বাৰে কোৱাতো নুশুনিলে৷ উপায়হীন হৈ মই সন্মুখত বহিলোঁ, জুবিন ড্ৰাইভিং ছীটত৷ গাড়ী একেকোবেই ৮০-৯০ কিলোমিটাৰৰ গতি পাৰ হৈ গ’ল৷
তেতিয়া নিশা প্ৰায় ডেৰ-দুই বাজিছে, এটা সময়ত পাঞ্জাবাৰীৰ ৰাস্তাত ১০০-১২০ গতিত চলিছে গাড়ী৷ মই ভাবিলোঁ এই স্বনামধন্য গায়কৰ যহত মোৰ পৈতৃক প্ৰাণটো যাব এতিয়া! একপ্ৰকাৰ খঙেৰেই ক’লোঁ– গাড়ী ৰাখা, মই চলাওঁ৷ জুবিনে নামানে৷ বোলে, গাড়ী চলোৱাত মোৰ নাম আছে৷ আপুনি মোক গাড়ী কেনেকৈ চলায় শিকাবলৈ আহিছে নেকি?
এসময়ত মোৰ ধৈৰ্যৰ বান্ধ ছিগি গ’ল, ষ্টিয়েৰিঙত ধৰি দুয়ো বিপজ্জনকভাৱে টনা-আঁজোৰাত লিপ্ত হ’লোঁ৷ সিমানতো জুবিনে নমনাত মই খঙেৰে ক’লোঁ– নামা এতিয়াই, মই গাড়ী চলাম! এপাকত জুবিন ষ্টিয়েৰিঙৰ পৰা নামিল, সেই সুযোগতে মই বহি ল’লোঁ৷ সময় ব্যয় নকৰি গাড়ী ঘূৰাই পোন বাটেই ঘৰৰ পিনে বাট ল’লোঁ৷ তেতিয়া নিশা দোভাগ হৈছে, আন গাড়ীৰ হেডলাইটৰ পোহৰত ৰিয়াৰভিউ মিৰ’ৰত দেখিলোঁ, ৰাস্তাৰ মাজত জুবিনে কঁকালত হাত দি খঙেৰে মোলৈ চাই ৰৈ আছে৷ সেইনিশা আমাৰ নতুন প্ৰজন্মৰ হাৰ্টথ্ৰ’বক মাজৰাস্তাত তেনেকৈয়ে এৰি মই ঘৰ পালোঁহি৷ আজিও জুবিনে ঘটনাটো পাহৰা নাই৷ মাজে মাজে মনত পৰিলে জুবিনে খঙেৰে কয়– মনোজদাই মোক মাজৰাতি ৰাস্তাত এৰি থৈ আহিছিল! মই ইমানদূৰ খোজকাঢ়িব লগা হ’ল! সিদিনা হিমাই [দাস] ক’লে, তাইৰ আগতো হেনো জুবিনে ঘটনাটো বৰ্ণনা কৰিছিল৷”
এইদৰেই জুবিনৰ সৈতে সেইদিনা ঘটা ঘটনাটো বৰ্ণনা কৰিছে মনোজ কুমাৰ গোস্বামীয়ে। সেই নিশাটোত জুবিনক আদবাটত এৰি থৈ অহা মানুহজনেই আছিল মনোজ কুমাৰ গোস্বামী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme