ডিজিটেল ডেস্কঃ জুবিনৰ অতিভক্ত একাংশক উদ্দেশ্যি জুবিন গাৰ্গৰ এটা শেহতীয়া লেখাই বিশেষ চৰ্চা লাভ কৰিছে। জুবিন গাৰ্গে লিখিছে এনেদৰে-
কোনোবাই কোনোবাই মোক সৰু ল’ৰা এটাৰ ভিডিঅ’ দেখুৱালে । তেওঁ মোৰ নিচিনাকৈ কথা কয়, মোৰ নিচিনা কাপোৰ পিন্ধে, মোৰ নিচিনাকৈ খোজকাঢ়ে। মই প্ৰথমতে তেওঁ মিমিক্ৰী কৰা বুলি ভাবিছিলোঁ। বহুতে মোৰ মিমিক্ৰী কৰে, সেইবোৰ চাই ভাল লাগে। মিমিক্ৰী এটা আৰ্ট ফৰ্ম। তাত পৰ্যবেক্ষণ থাকে, মাতৰ মড্যুলেশ্যনৰ কথা থাকে। কিন্তু এই ল’ৰাটোৱে মোৰ মিমিক্ৰী কৰা নাই। তেওঁ তেওঁৰ মূৰত মোক সুমুৱাই লৈছে। ছাইক’ল’জীত সুমুৱাই লৈছে। তেওঁৰ ভিডিঅ’টোত তেওঁ কৈছে যে তেওঁৰ স্কুলত মন নবহে, সকলো সময়তে তেওঁ মোৰ কথা ভাবি থাকে। তেতিয়া মোৰ দুখ লাগিল । তেওঁ সৰু ল’ৰা । এতিয়া পঢ়া-শুনা কৰিব লাগে। নিজৰ ওপৰত কষ্ট কৰিব লাগে। বেলেগ মানুহ এটাক, সি লাগিলে জুবিন গাৰ্গেই হওঁক বা যিয়েই নহওক, মূৰত সুমুৱাই ল’লে সি একো কৰিব নোৱাৰিব । এতিয়া ধেমালি যেন লাগি থাকোতে দুদিন পাছত সি পাগল হৈ যাব । তেওঁ নিজে আচলতে কোন, কেনেকুৱা বুজি নোপোৱা হৈ যাব।
মিডিয়াবোৰ আচলতে এনেকুৱা কথাত সংবেদনশীল হ’ব লাগে। ছেনজিটিভ হ’ব লাগে তেওঁক এনেই মূৰৰ ওপৰত উঠাই কি লাভ হ’ব ? তেওঁক বুজাবহে লাগে যে জুবিন জুবিন গাৰ্গেই আৰু সি সিয়েই । কাইলৈ এইবোৰ কৰি থাকি তাৰ যদি ৰিজাল্ট বেয়া হয় যদি কাইলৈ ফ্ৰাষ্ট্ৰেটেড হৈ যায়, তেতিয়া কিন্ত্ত মিডিয়াই তেওঁক সহায় নকৰে । তেওঁ বুজা উচিত যে মিডিয়াই এৰাতিতে যেনেকৈ উঠায়, তেনেকৈ নমায়ো দিয়ে । এইবোৰ মই ত্ৰিছ বছৰে দেখি আহিছোঁ । সেইকাৰণেই কৈছো এইবোৰ তেওঁক বুজাই দিয়াটো দৰকাৰ।
বহুত ল’ৰা ছোৱালীয়ে মোক ভাল পায় । কিছুমানে মোক ভগৱান বুলি কয় । মই ভগৱান নহয়। মই কষ্ট কৰিছো, কষ্ট কৰিহে আজিৰ জুবিন গাৰ্গ হৈছো । তেওঁলোকে মোক ভাল পালে ভাল লাগে । মানুহৰ কাৰণেই মই কাম কৰি আহিছো । কিন্তু ভালপোৱা, পাগলৰ দৰে ভালপোৱা আৰু পাগল হৈ যোৱাৰ মাজত পাৰ্থক্য আছে । নিজক পাহৰি, নিজৰ আইডেন্টিটী পাহৰি কাকো ভালপোৱা উচিত নহয় । সকলো ল’ৰা ছোৱালী নিজৰ দৰে আগবাঢ়ক । নিজৰ নিজৰ ফিল্ডত কাম কৰক । ডাঙৰ হওঁক ডাঙৰ কাম কৰক । তেওঁলোকৰ বাবে মই সদায়েই আছোঁ ।
বহুতক মই দেখিছোঁ- মোৰ বাবে ছ’চিয়েল মিডিয়াত কাজিয়া কৰে । মোক কোনোবাই কিবা ক’লে বেয়া বেয়া গালি পাৰে । বহু জেষ্ঠ্য শিল্পীকো গালি পাৰিছে । এইবোৰ বেয়া কথা । মই কেতিয়াও সমালোচনাৰ উত্তৰ চুপতি মাৰি দিয়া নাই । যেতিয়া মোৰ ভুল হৈছে, মই ক্ষমা খুজিছো । যেতিয়া মোৰ ভুল হোৱা নাই মই যুদ্ধ কৰিছো । আৰু নিজৰ কামেৰে উত্তৰ দিছো । মোৰ অনুৰাগী সকলেও এইখিনি কথা বুজা উচিত । সকলো শিল্পীয়ে নিজৰ নিজৰ ঠাইত ভাল কাম কৰি আছে । সকলোকে সন্মান কৰিব লাগে ।
মোক যিসকলে ভাল পায়, তেওঁলোকে মানুহক সহায় কৰক । গছপুলি ৰোৱক । কিতাপ পঢ়ক । অসমীয়া চিনেমাৰ কাৰণে কাম কৰক । অসমৰ কাৰণে কাম কৰক । তাতকৈয়ো ডাঙৰ কথা – নিজক নিজৰ দৰে গঢ়ক । বি বৰুৱা কলেজত ছেকেণ্ড ইয়েৰৰ পৰীক্ষা দি থাকোঁতে পেপাৰখন ফালি মই ওলাই আহিছিলো । মোৰ আত্মবিশ্বাস আছিল, কনফিডেন্স আছিল – যে গান গাই মই খাব পাৰিম । মই যিটো কাম কৰিম বুলি ভাবিছোঁ, কৰিছোঁ । দুই কোটি টকাৰে চিনেমা বনাওতে মোক চবেই পাগল বুলি কৈছিল । কিন্তু মই কৰি দেখুৱালো । মোৰ পৰা কিবা ল’ব বিচাৰিলে আত্মবিশ্বাসটো ল’বা । তোমালোক সকলো নিজৰ ধৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি ডাঙৰ মানুহ হোৱা । মই লগত থাকিম।