ডিজিটেল ডেস্কঃ পৰীক্ষাৰ বাবে ইন্টাৰনেট কৰ্তন কৰাক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে। সাংবাদিকে উক্ত বিষয়ক লৈ সোধা প্ৰশ্নৰ উত্তৰ দি জুবিনে কয়- এইটো নতুন কথা এটা শুনিলো।পৰীক্ষা বাবে ইন্টাৰনেট বন্ধ কৰাৰ বাহিৰে মোবাইলটো ৰাখি থলেই হয়।
ইন্টাৰনেট কৰ্তন কৰিলে অনলাইন বিভিন্ন কামৰ লগতে অলা, ওবেৰ আৰু জমাটৰ দৰে কোম্পানীত কাম কৰা সকলৰ যথেষ্ট অসুবিধা হব বুলি চিন্তা ব্যক্ত কৰে তেওঁ। চৰকাৰে ইয়াৰ বিকল্প কিবা এটা চিন্তা কৰিব পাৰে বুলিও কয় শিল্পীগৰাকীয়ে।
ইন্টাৰনেট বন্ধ হলে ব্যৱসায়তো প্ৰচুৰ প্ৰচুৰ লোকচান হয় বুলি কয় জুবিনে।