ডিজিটেল ডেস্কঃ চৰকাৰী সুলভ মূল্যৰ দোকানত এতিয়াৰে পৰা কেৱল ৰেচনেই নহয়। এনে দোকানত এতিয়াৰে পৰা উপলদ্ধ হ’ব লিপষ্টিক, ক্ৰীম, শিশুৰ চোলাৰ পৰা আদি কৰি প্ৰায় ৩৫বিধ সামগ্ৰী। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে চৰকাৰে। চাউল, আটাৰ বাহিৰেও এতিয়াৰে পৰা সুলভ মূল্যৰ দোকানত লাভ কৰিব ঘিউ, শিশুৰ কাপোৰ, ৰাজমাহ, চয়াবিন, প্লাষ্টিকৰ পাইপ, চাতি, বাচন ধোৱা চাবোনকে ধৰি প্ৰায় ৩৫বিধ সামগ্ৰী।
সুলভ মূল্যৰ দোকানত অচিৰেই এই সকলো সামগ্ৰী চৰকাৰীভাৱে যোগান ধৰা হব বুলি ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, এই দোকানসমূহত বিউটি প্ৰডাক্টৰ পৰা আদি কৰি বাথৰূম ক্লিনাৰ, বেবী প্ৰডাক্টৰ লগতে বিভিন্ন ধৰণৰ উতকৃষ্ট মানদণ্ডৰ চুলিত ঘহাঁ তেল।
উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে বৰেলীৰ ৫২খন দোকানত আৰম্ভ হৈছে এই সামগ্ৰীসমূহ ৰখাৰ কাৰ্যসূচী।