ডিজিটেল ডেস্কঃ বিশ্ববাসীৰ বাবে এটা সকাহ লাভৰ খবৰ। পৃথিৱী আৰু ধ্বংস নহয়। এই কথা সদৰি কৰিছে নাছাই। পৃথিৱী অভিমুখী উল্কাপিণ্ড, ধুমকেতু আদিৰ পৰা পৃথিৱীবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ নাছাই সৃষ্টি কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম । এই চিষ্টেমে আগন্তুক সময়ত পৃথিৱী অভিমুখী এনেধৰণৰ সংকটসমূহৰ কথা আগতীয়াকৈ জ্ঞাত কৰিব নাছাক । যাৰ ফলত পৰ্যাপ্ত সময় থাকোতেই ল’ব পৰা যাব ব্যৱস্থা ।
উল্লেখ কৰা প্ৰয়োজন যে, পৃথিৱীৰ কক্ষপথৰ ৩০ মিলিয়ন মাইল পৰ্যন্ত নজৰ ৰাখিব এই চিষ্টেমে । বিগত ৩ টা দশক ধৰি নাছাই অধ্যয়ন কৰি আছিল এন ই অ’ নামৰ বিষয়টোৰ ওপৰত । থিৱীৰ ওচৰলৈ অহা যিকোনো ধৰণৰ পদাৰ্থৰ অধ্যয়ন কৰাৰ অন্তৰালৰ কাৰণ আছিল সৌৰজগতৰ সৃষ্টিৰ অন্তৰালৰ ৰহস্য ভেদ কৰা । নাছাৰ এই চিষ্টেমৰ মতে, আগন্তুক ১০০ বছৰলৈ কোনো ধৰণৰ আশংকা নাই পৃথিৱীৰ ।