1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

জোখত খালে মদ হৈ পৰে ঔষধঃ কোনে ক’লে এই কথা…

  • Update Time : Friday, January 21, 2022
ডিজিটেল ডেস্কঃ   সুৰা সেৱন কৰিলে কোনো অপকাৰ নকৰে। বৰঞ্চ নিয়ন্ত্ৰিতভাৱে সুৰা সেৱন শৰীৰৰ বাবে উপকাৰী। কেতিয়াবা এনে সুৰাই আমাৰ শৰীৰৰ বাবে ঔষধৰ কাম কৰে। – বিভিন্ন সমীক্ষা তথা পৰীক্ষাত এনে তথ্য প্ৰায়ে পোহৰলৈ আহে। কিন্তু এইবাৰ এনে তথ্য সমীক্ষাত নহয় এগৰাকী বিজেপি সাংসদে কৰিছে এই মন্তব্য। বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে এনে মন্তব্য কৰিছে। এই মন্তব্যক লৈ ইতিমধ্যে বিভিন্ন প্ৰতিক্ৰিয়া হৈছে যদিও বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা একাংশই সমৰ্থন কৰিছে সাংসদগৰাকীক।
উল্লেখ কৰা প্ৰয়োজন যে, বিভিন্ন বৈজ্ঞানিকে সময়ে সময়ে কৰা পৰীক্ষাত এনে তথ্য পোহৰলৈ আহিছে যে, নিয়ন্ত্ৰিতভাৱে সুৰা সেৱন কোনো লোকৰ হানি নকৰে। বৰঞ্চ শাৰিৰিক আৰু মানসিক ভাৱে শক্তিশালী কৰে এগৰাকী লোকক। কিন্তু আঁচল কথাতো হল এগৰাকী জনপ্ৰতিনিধি হিচাপে সুৰাক লৈ এনে মন্তব্য সহজভাৱে লোৱা নাই একাংশই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme