1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:05 am

সন্দেহ কৰিব নোৱাৰিব, স্বামীয়ে মদ খালেও মদাহী বুলি কব নোৱাৰিব পত্নীয়েঃ আদালতৰ ৰায়দান…

  • Update Time : Tuesday, November 1, 2022

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কোনো পত্নীয়ে স্বামীক অন্য কাৰো সৈতে সন্দেহ কৰিব নোৱাৰিব। স্বামীক সন্দেহ কৰিলে তাক অপৰাধ হিচাপে গণ্য কৰা হব। প্ৰমাণ নথকাকৈ অন্য কোনোবাৰ সৈতে স্বামীক সন্দেহ কৰিলে পত্নীয়ে জেলৰ ভাতো খাব লগা হব পাৰে। বোম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এই নিৰ্দেশ প্ৰদান কৰিছে।

ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে যে, স্বামীক অন্য কাৰোবাৰ সৈতে সন্দেহ কৰিলে তাক মানসিক উতপীড়ন বুলি গণ্য কৰা হব। কেৱল ইয়াকেই নহয়, বিনা প্ৰমাণত স্বামীক মদাহী বুলিও কব নোৱাৰিব পত্নীয়ে। ন্যায়ধীশ নীতিন চামবাৰ আৰু ন্যায়াধীশ শৰ্মিলা দেশমুখৰ বিচাৰপীঠে এই ৰায়দান কৰিছে।

এগৰাকী মহিলাৰ এক বিশেষ আবেদনৰ শুনানি হিচাপে এই ৰায়দান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আদালতৰ এই ৰায়দানে দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme