ডিজিটেল ডেস্কঃ ডায়বেটিছ এতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকঘৰৰে একোটা মুখ্য সমস্যা। গড়ে চাবলৈ গ’লে প্ৰত্যেকখন ঘৰতেই একোজনকৈ হ’লেও ডায়বেটিছ ৰোগী থাকে। ইতিমধ্যে ভাৰতবৰ্ষৰ চুগাৰৰ ৰাজধানী বুলিও বহুতেই দাবী কৰিছে। কিয় বৃদ্ধি হৈছে এই ৰোগীৰ সংখ্যা। পৰিবৰ্তিত জীৱন প্ৰণালী নে খাদ্যভাষ ইয়াৰ বাবে দায়ী? ইয়াক নিয়ন্ত্ৰণ সম্ভৱনে?
প্ৰকৃততে আমাৰ শৰীৰৰ ইনছুলিন হৰমনে চুগাৰ নিয়ন্ত্ৰণত ৰাখে। শৰীৰৰ পৰা ইনছুলিন হৰমন কমি গ’লেও চুগাৰৰ পৰিমান দেহত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়েই ডায়বেটিছ বা বহুমূত্ৰ ৰোগ। চিকিৎসা বিজ্ঞানে এই ৰোগক দুভাগত ভাগ কৰিছে। টাইপ-১ আৰু টাইপ-২ ডায়বেটিছ। টাইপ-১টো সাধাৰণতে খুব কম বয়সতে ব্যক্তি এজন আক্ৰান্ত হ’ব পাৰে। টাইপ-২ ত সাধাৰণতে বয়স্ক লোক আক্ৰান্ত হয়।
ডায়বেটিছ সাধাৰণ বেমাৰ নহয়। ই একোজন মানুহক মৃত্যুৰ মুখলৈ তিল তিল নি থাকে। শৰীৰৰ প্ৰায় অংগই এটা এটাকৈ বিকল কৰি নিয়ে এই ৰোগে। দেশত ডায়বেটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মাৰাত্মকভাৱে বাঢ়িব ধৰিছে। পৰাপক্ষত ডায়বেটিছৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈয়ে কিছু সাবধানতা অৱলম্বন কৰাটো জৰুৰী। ডায়বেটিছত আক্ৰান্ত হ’লেও প্ৰাৰম্ভিক পৰ্যায়তে চিকিৎসকৰ পৰামৰ্শৰ লগতে কিছু নিয়ম নিজাকৈ মানি চলাটো অত্যন্ত জৰুৰী।
নাৰ্ভৰ সমস্যা
ডায়বেটিছত আক্ৰান্ত হ’লে প্ৰথমেই ৰোগীগৰাকীৰ নাৰ্ভৰ সমস্যাই দেখা দিয়ে। হাত-ভৰিৰ জিনজিননি আৰম্ভ হয়। ভৰিৰ পৰাই পোনতে এই অনুভৱ সমগ্ৰ শৰীৰলৈ শিঁপাই। ভৰিত জিনজিননিয়েই হ’ব এনে নহয় জ্বলা-পোৰাও আৰম্ভ হয়। শৰীৰৰ বিভিন্ন অংশত নুশুকোৱা ঘাও হ’ব পাৰে।
হাৰ্টৰ সমস্যা
ডায়বেটিছ ৰোগীৰ হাৰ্টৰ সমস্যা হোৱাটো প্ৰায় খাটাঙেই বুলি চিকিৎসকৰ গৱেষণাত প্ৰকাশ পাইছে। হৃদপিণ্ডৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ নলীসমূহ ব্লক হোৱাৰ সম্ভাৱনা থাকে। যাৰ বাবে শৰীৰৰ ৰক্ত সঞ্চালত অনিয়মীয়া হৈ পৰে। এনেক্ষেত্ৰত হৃদযন্ত্ৰ বিকল হোৱা বা হাৰ্ট এটেক হেৱাটো কোনো অস্বাভাৱিক নহয়।
কিডনীৰ সমস্যা
ডায়বেটিছ আক্ৰান্ত ৰোগীৰ কিডনীৰ সমস্যাও এৰাব নোৱাৰা সমস্যা। ডায়বেটিছ ৰোগে কিডনী বিকল কৰে। ক্ৰনিক কিডনী ডিজিছৰ প্ৰধান কাৰণো এই ডায়বেটিছেই। ইয়াৰ প্ৰথম লক্ষণটোৱেই হৈছে প্ৰস্ৰাৱত ফেন বাহিৰ হোৱা। ফেন বাহিৰ হোৱাৰ অৰ্থই হৈছে প্ৰস্ৰাৱৰ সৈতে কিডনীৰ পৰা প্ৰটিন ওলাই গৈছে। ফেন বাহিৰ হোৱা লক্ষ্য কৰিলেই তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।
চকুৰ সমস্যা
ডায়বেটিছে ৰোগীৰ চকুৰ ৰেটিনাৰ অসুবিধা হোৱাটো স্বাভাৱিক। চকুৰ ভিতৰৰ ৰেটিনাৰ ৰক্তনলীত তেজ জমা হ’ব পাৰে। যাৰ ফলত দেখাত সমস্যা আহে। ডায়বেটিছ থাকিলে চকুৰ সমস্যা হোৱাটো স্বাভাৱিক কথা। চকিৰ সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ সোনকালে গ্ৰহণ কৰাটো জৰুৰী অন্যথা সম্পূৰ্ণৰূপে নেদেখা হোৱাৰো সম্ভাৱনা থাকে।
এনে সমস্যা চকুত পৰিলেই চিকিৎসক কাষ চপাটোৱেই বুদ্ধিমানৰ কাম। ইয়াৰোপৰি নিজাববীয়াকৈ দৈনিক চুগাৰ জোখাটোও গুৰুত্বপূৰ্ণ। চুগাৰ টেষ্টৰ ক্ষেত্ৰত HBA1C টেষ্টেই ভাল বুলি চিকিৎসা বিজ্ঞানে দাবী কৰে। এই টেষ্টত চুগাৰৰ গড় হিচাপ পোৱা যায়। টেষ্টত চুগাৰৰ স্কৰ ৭-ৰ তলত থাকিলে ভাল। ৬.৫-ৰ তলত ৰাখিব পাৰিলে সমস্যাই নাই বুলি চিকিৎসকে গৱেষণাত প্ৰকাশ কৰিছে।