ডিজিটেল ডেস্কঃ টুইটাৰত নিজৰ নাম সলনি কৰিছে এলন মাস্কে। এলন মাস্কৰ সলনি টুইটাৰত এলোনা মাস্ক কৰিছে নিজা নাম। কিন্তু কিয় হঠাতে নাম সলনি কৰিলে এলন মাস্কে তাৰ আঁৰত আছে গুৰুত্বপূৰ্ণ কাৰণ। বিশেষ কাৰণটোৰ বাবেই নিজৰ নাম সলনি কৰিছে SpaceX-ৰ CEO- এলেনে।
হঠাৎ কোনো কাৰণ নোহোৱাকৈ এই সিদ্ধান্ত লোৱা নাই এলেনে। নাম সলনিৰ আঁৰত আছে পুটিনলৈ কৰা বিশেষ প্ৰত্যাহ্বানৰ কাহিনী। সম্প্ৰতি টুইটাৰত এটা স্ক্ৰিণশ্বট শ্বেয়াৰ কৰিছে এলেনে। এটা টেলিগ্ৰাম পষ্ট। যি পষ্ট লিখিছে চেচন প্ৰদেশৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। তেওঁ পষ্টটোত উল্লেখ কৰিছে, ‘পুটিন এজন শক্তিশালী ৰাজনীতিবিদ আৰু অলন এখন সাধাৰণ মাস্কহে। যদি পুটিনেৰে সন্মুখসমৰত যুঁজ দিয়াৰ মন আছে তেন্তে চেনেন প্ৰদেশলৈ আহি কিছু কৌশল শিকি যাওক। আমাৰ সেনাই যুদ্ধৰ কৌশল শিকাই দিব। তাৰ ওপৰিও তেওঁ লিখিছে ট্ৰেনিং সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ আৰু এলেন মাস্ক হৈ নাথাকে তাৰ পৰিবৰ্তে তেওঁ হৈ পৰিব এলোনা মাস্ক।’
উল্লেখ্য যে চেনন প্ৰদেশৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ ভাইৰেল পষ্টটো প্ৰত্যক্ষ কৰাৰ লগে লগেই SpaceX-ৰ CEO এলেনে নিজা টুইটাৰ হেণ্ডেলত লিখিছে,’মোক যুদ্ধৰ কৌশল শিকিবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। কিন্তু ময়ো ইতিমধ্যে বহু দু্ৰ্দান্ত ট্ৰেইনিং লৈয়েই থৈছো। পুটিনে যদি মোৰ সৈতে যুদ্ধ প্ৰত্যক্ষভাৱে যুদ্ধ কৰিবলৈ আহবাঢ়ে তেন্তে মই কেৱল মোৰ বাওঁহাতহে ব্যৱহাৰ কৰিম। মই বাওঁহতীয়া নহয় কিন্তু পুটিনক প্ৰত্যাহ্বান জনাবলৈ বাওঁহাতেই যথেষ্ট।’ ইতি এলোনা।
এই বিশেষ পষ্টটো টুইট কৰাৰ পিছতেই এলন মাস্কে নিজা নামটো টুইটাৰত সলনি কৰি এলোনা কৰাও পৰিলক্ষিত হৈছে।