1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 2:27 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

WhatsApp Group Scamৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

  • Update Time : Friday, May 10, 2024

WhatsApp হৈছে এক ইনষ্টেণ্ট মেছেজিং এপ, যিটো বিশ্বৰ লাখ লাখ লোকে ব্যৱহাৰ কৰে। ইয়াৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াৰ প্ৰতিখন দেশতে ব্যৱহাৰকাৰী আছে। এতিয়া হোৱাটছএপত নতুন ধৰণৰ Scamৰ সৃষ্টি হৈছে। এইবাৰ প্ৰৱঞ্চকে মানুহক ছলনা কৰি ভুৱা গ্ৰুপ কলত যোগদান কৰাৰ খবৰ আহিছে। ইয়াৰ বাবে আপোনাৰ হোৱাটছএপ একাউণ্টো চুৰি হ’ব পাৰে। Scamয়ে মানুহক ফান্দত পেলাই বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা ধন দাবী কৰে।

১/ প্ৰথমতে প্ৰৱঞ্চকে মানুহক ফোন কৰি গ্ৰুপ চেটৰ সদস্য হোৱাৰ অভিনয় কৰি নিজৰ আস্থা লাভ কৰিবলৈ চেষ্টা কৰে।
২) প্ৰৱঞ্চকে ভুৱা ফটো আৰু নাম ব্যৱহাৰ কৰে যাতে মানুহে তেওঁ সঁচা বুলি ভাৱে
৩/ Scam কৰা লোকসকলে ফোনত কয় যে তেওঁলোকে এটা ক’ড (OTP) পঠাব, যিটো গ্ৰুপ কলত যোগ দিবলৈ দিয়ে।
৪/ তাৰ পিছত তেওঁলোকে আপোনাক সেই ক’ড (OTP) তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ কয় যাতে আপুনি কলটোত যোগ দিব পাৰে।

এই ক’ডে আপোনাৰ হোৱাটছএপটো আন এটা ডিভাইচত ৰেজিষ্টাৰ কৰে। ইয়াৰ বাবে আপোনাৰ হোৱাটছএপ একাউণ্ট প্ৰৱঞ্চকৰ হাতলৈ যায়। ইয়াৰ পিছত তেওঁলোকে একাউণ্টত দুটা দু-ষ্টেপ ভেৰিফিকেশ্যন ইনেব্যল কৰে , যাৰ বাবে ব্যৱহাৰকাৰীয়ে তেওঁৰ একাউণ্টত পুনৰ লগ ইন কৰিব নোৱাৰে।

একাউণ্টটো চুৰি কৰাৰ পিছত Scam কৰাসকলে কনটেক লিষ্টত থকা লোকসকললৈ মেছেজ প্ৰেৰণ কৰি সহায়ৰ অজুহাতত ধন দাবী কৰে। প্ৰৱঞ্চকসকলে জৰুৰীকালীন পৰিস্থিতি হৈছে বুলি কৈ তৎক্ষণাত ধন পঠিয়াবলৈ কয়।

WhatsApp Group Scamৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

আপোনাৰ হোৱাটছএপ সুৰক্ষিত ৰাখিবলৈ দুটা পদক্ষেপৰ ভেৰিফিকেচন ব্যৱহাৰ কৰক। ইয়াৰ ফলত সুৰক্ষাৰ অতিৰিক্ত স্তৰ পোৱা যায়। ইয়াৰ দ্বাৰা আপোনাৰ একাউণ্টত আন কোনোৱে লগ ইন কৰিব নোৱাৰিব। লগতে আপোনাৰ ছয় সংখ্যাৰ পিন কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিব, যদিও তেওঁলোক আপোনাৰ বন্ধু বা আত্মীয়। যদি আপুনি কোনো সন্দেহজনক বাৰ্তা লাভ কৰে, তেন্তে সেই ব্যক্তিজনক পোনপটীয়াকৈ ফোন কৰি তাৰ সত্যতা জানি লওক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme