1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:55 pm

কেনেকৈ থাকিব, কি কৰিব! ৮দিনৰ বাবে চৰকাৰে কৰ্তন কৰিব ইন্টাৰনেট সেৱা…

  • Update Time : Sunday, March 6, 2022

ডিজিটেল ডেস্কঃ কেনেকৈ কৰিব কাম! এদিন দুদিন নহয়, ৮দিনৰ বাবে বন্ধ হব ইন্টাৰনেট সেৱা। শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক ৭ৰ পৰা ৭মাৰ্চ, ১১ৰ পৰা ১২মাৰ্চ আৰু ১৫ৰ পৰা ১৬মাৰ্চ পৰ্যন্ত নাথাকে ইন্টাৰনেট সেৱা।  পুৱা ১১বজাৰ পৰা ৩.১৫বজালৈকে এই ৮দিনত বন্ধ থাকিব ইন্টাৰনেট সেৱা।  দেওবাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে পশ্চিম বংগ চৰকাৰে।

পশ্চিম বংগৰ ৭খন জিলাত ৮দিনৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই জিলাকেইখন হৈছে মালদা, মুৰ্ছিদাবাদ, উত্তৰ দিনাজপুৰ, কোছবিহাৰ, জলপাইগুৰি, বীৰভূম, দাৰ্জিলিং জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা।  এই জিলাকেইখনত ইন্টাৰনেট কৰ্তন কৰাৰ কাৰন হল,  আগন্তুক ৰাজ্যখনত হব লগা বৰ্ড পৰীক্ষাৰ নকল ৰোধ কৰা।  ৰাজ্যখনত এইবৰ্ষৰ দশমমান শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা ৭মাৰ্চৰ পৰা আৰম্ভ হৈ ১৬মাৰ্চত শেষ হব।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme