1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:00 pm

বতৰ কেন্দ্ৰৰ বতৰাঃ অহা ৩দিনত বৃদ্ধি পাব ঠাণ্ডাৰ প্ৰকোপ…

  • Update Time : Monday, December 20, 2021

ডিজিটেল ডেস্কঃ ভীষণ ঠাণ্ডা।  দিল্লী, গুৱাহাটী, ডিব্ৰুগড়কে ধৰি কেইবাখনো চহৰত  ঠেটুৱৈ ধৰা ঠাণ্ডাই কপাঁইছে জনতাক। এনে সময়তে বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে যে, উত্তৰ-পূব ভাৰতত অহা তিনিদিনত আৰু বৃদ্ধি পাব শীতৰ প্ৰকোপ। দিল্লীতো অতিপাত বৃদ্ধি পাব শীত। এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগে সদৰি কৰা তথ্য অনুসৰি, হিমাচল প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লী, উত্তৰাখণ্ড ভীষণ শীতৰ কৱলত ইতিমধ্যে আছে। ৰাজস্থানৰ বহু এলেকাত তাপমান শূণ্য ডিগ্ৰীলৈ হ্ৰাস পাইছে। এনে পৰিপৰিপ্ৰেক্ষিতত শীতৰ প্ৰকোপ আৰু বৃদ্ধি পোৱা তথ্যই চিন্তিত কৰিছে ৰাজ্যখনৰ জনতাক।

ইফালে উত্তৰ-পূবতো অহা তিনিদিনৰ শীতৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যেঅ হাড় কপোঁৱা ঠাণ্ডাই কপাঁইছে সাত ৰাজ্যৰ জনতাক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme