1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

সুখৰ দিনৰ কথাঃ ৰিয়ানৰ সৈতে ডাঃ সংগীতা আৰু ডাঃ ৱালিউল…

  • Update Time : Tuesday, May 9, 2023

ডিজিটেল ডেস্কঃ কণমাণি দুটিক নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পূৰ্বে সমাজৰ বৰ বৰ মানুহৰ সৈতে উঠা-বহা কৰিছিল ডাঃ সংগীতা আৰু ৱালিউলে। ধন-সম্পত্তিৰ জোৰৰ লগতে নিজৰ পদমৰ্যদাৰে সমাজত আগস্থান দখল কৰিছিল দুয়োগৰাকীয়ে। কেতিয়াবা যদি বৃদ্ধাশ্ৰমত কেতিয়াবা আকৌ সজাগতা সভাত ভাষণ দিয়া দেখা গৈছিল দুয়োকে। বিভিন্ন সামাজিক অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰিছিল ডাঃ সংগীতা আৰু ৱালিউলে।

শেহতীয়াকৈ দুয়োগৰাকী ধৃত চিকিতসকৰ সামাজিক মাধ্যমৰ প্ৰফাইলত ওলাইছে এনে বহু তথ্য। কেতিয়াবা যদি বিদেশত, কেতিয়াবা আকৌ এখন গাৱত হৈ আনন্দ-তামাছা কৰিছিল দুয়োগৰাকীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ডাঃ সংগীতাৰ হাতেৰে যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে এটা পুৰষ্কাৰ গ্ৰহণ কৰা ফটোও ভাইৰেল হৈছে। ডাঃ ৱালিউলেও ৰিয়ানৰ সৈতে তোলা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি জৰ্জ খেলপথাৰত অনুষ্ঠিত হোৱা এখন প্ৰীতি মেচত ৰিয়ানৰ সৈতে দেখা হৈছিল দুয়ো চিকিতসকৰ।

উল্লেখ কৰিব লাগিব যে, সমাজৰ বহু উচ্চপদবীধাৰীৰ সৈতে দুয়োগৰাকীৰ মিলা-মিছাৰ কথা শেহতীয়াকৈ চৰ্চালৈ আহিছে। শেহতীয়াকৈ আৰক্ষীয়ে কৰা তদন্তৰ সময়ত ডাঃ সংগীতাইও কেইবাগৰাকীও বৰ বৰ মানুহৰ নাম লৈ বিপদৰ সময়ত সহায় নকৰাৰ অভিযোগ তুলিছে। অৱশ্যে আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে, যিকোনো প্ৰকাৰে কঠোৰতম শাস্তি পাব চিকিতসক দম্পত্তীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme