1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:12 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৮বছৰে পত্নীৰ মৰ্যদা পোৱা নাছিলঃ ক’ল চেন্টাৰত কাম কৰি স্বামী অমৰজ্যোতিক চলাইছিল বন্দনাই…

  • Update Time : Thursday, February 23, 2023

ডিজিটেল ডেস্কঃ দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বন্দনা কলিতা ওৰফে বন্দনা দেক লৈ  এতিয়া সৰ্বত্ৰে চৰ্চা। এনে নিকৃষ্ট কাম কৰা বন্দনাৰ শাস্তি হিচাপে একাংশই দাবী কৰিছে ফাঁচী। চাৰিওদিশে বন্দনাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ বিৱৰণৰ মাজতে লাহে লাহে পোহৰলৈ আহিছে বন্দনা আৰু তেওঁৰ স্বামী অমৰজ্যোতিৰ বৈবাহিক সম্পৰ্কৰ কিছু কথা।

প্ৰাপ্ত তথ্য অনুসৰি ২০১২চনতে বন্দনাক পলুৱাই আহিছিল অমৰজ্যোতিয়ে। সেই সময়ত নাৱালিকা আছিল বন্দনা। দুয়োখনৰ অমতত বিয়া হোৱাৰ বাবে বন্দনাক প্ৰায় এৰি দিছিল পিতৃ-মাতৃৰ লগতে ভাতৃয়ে। ইফালে অমৰজ্যোতিৰ ঘৰতে সহজভাৱে লোৱা নাছিল এই বৈবাহিক সম্পৰ্ক।

দিন বাগৰিছিল। অমৰজ্যোতিৰ ঘৰত থাকিবলৈ লৈছিল বন্দনাই। কিন্তু অমৰজ্যোতিৰ পৰিয়ালে কৈছিল যে, এটা নিৰ্দিষ্ট সময়ৰ পাছতহে তেওঁ অমৰজ্যোতিৰ পত্নীৰ মৰ্যদা লাভ কৰিব। এনেকৈয়ে প্ৰায় ৮বছৰ সময় পাৰ হৈছিল। অৱশেষত ২০২০চনত আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন হৈছিল দুয়োৰে মাজত।

২০১২ত অমৰজ্যোতিৰ সৈতে বন্দনা গুচি অহাৰ কিছুদিনৰ পাছত অমৰজ্যোতিয়ে কোনো কাম কৰা নাছিল। যাৰফলত বন্দনাই কল চেন্টাৰত কাম কৰি পৰিয়াল চলাইছিল বুলিও পোহৰলৈ আহিছে। মুঠৰ ওপৰত সকলো দিশ এতিয়া যেন ধূসৰ।  আৰক্ষীৰ তদন্ত শেষ নোহোৱালৈকে কোনো কথাই স্থিৰকৈ কব নোৱাৰি। সেয়া যি কি নহলেও, এই সমগ্ৰ কাণ্ডত বন্দনাই যে মুখ্য অভিযুক্ত সেয়া কিন্তু নিশ্চিত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme