ডিজিটেল ডেস্কঃ মনত থাকে যদি দু্ৰ্বাৰ হেপাহ। যদি থাকে প্ৰৱল আত্মবিশ্বাস তেন্তে এই পৃথিৱীত অসাধ্য বুলি একো নাই। এই কথাই প্ৰমাণ কৰিলে এগৰাকী ১৯বছৰীয়া ছাত্ৰীয়ে। চকুৰে নেদেখে যদিও সদ্য ঘোষিত চি বি এছ ই পৰীক্ষাত ছাত্ৰীগৰাকীয়ে ৫০০ নম্বৰৰ ভিতৰত লাভ কৰিলে ৪৯৬নম্বৰ। এলিছ চাইমন নামৰ এই ছাত্ৰীগৰাকী কেৱল পঢ়াতেই নহয়, এগৰাকী বক্তা, ইউটিউবাৰৰ লগতে তেওঁ সুন্দৰকৈ গানো গায়। কেৰালাৰ কৌচ্চীত ঘৰ এলিছৰ।
আপোনালোকে জানি আচৰিত হব যে, শেহতীয়াকৈ এলিছৰ এখন পুথিও প্ৰকাশ হৈছে। সেই পুথিখনৰ নামৰ ৱেলকাম হোম। শেহতীয়াকৈ পৰীক্ষাত লাভ কৰা সফলতাক লৈ এলিছে কয়- মা দেউতাক মই ধন্যবাদ দিব লাগিব। মই নেদেখো যদিও মোৰ হাতত ধৰি তেওঁলোকে মোক দৌৰিবলৈ শিকাইছিল। সকলোকে ধন্যবাদ। মই আৰু আগবাঢ়ি যাব বিচাৰো…