ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগী বিৰাটৰ প্ৰৰ্দশনক লৈ নাৰাজ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা ভাৰতৰ দ্বিতীয়খন এদিনীয়াত শূণ্য ৰানতে পেভিলিয়নমুখী হয় প্ৰাক্তন অধিনায়কগৰাকী। কোটি কোটি অনুৰাগীয়ে বিৰাটৰ এই খেলখনত ৭১সংখ্যক শতকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। দক্ষিণ আফ্ৰিকাৰ বলাৰ কেশৱ মহাৰাজৰ বলত কেটছ আউট হয় বিৰাট কোহলী।
খেলখনত টছত জিকি ভাৰতে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল যদিও আৰম্ভণিতে উজুতি খাবলগীয়া হয়। বাতৰি লিখা পৰ লৈকে ২৮.২ অভাৰত ২টা উইকেট হেৰুৱাই ১৬৪ৰাণ সংগ্ৰহ কৰিছে ভাৰতে। বৰ্তমান ক্ৰীজত মজুত আছে ঋষভ পন্ট আৰু কে এল ৰাহুল।