1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:41 pm

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ ঘোচ নোলোৱা, দুৰ্নীতিৰ পৰা আতৰত থকা কৰ্মচাৰীৰ চাকৰিৰ এবছৰ কাৰ্যকাল বৃদ্ধি পাব…

  • Update Time : Sunday, July 31, 2022

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য তিথি ৫ আগষ্ট দিনটো লোককল্যাণ দিৱস হিচাপে উদযাপন কৰিব ৰাজ্য চৰকাৰে। কেৱল সেয়াই নহয়, যিসকল কৰ্মচাৰীয়ে দুৰ্নীতিৰ পৰা দূৰত থাকি ৰাইজৰ পক্ষে কাম কৰে তেওঁলোকক এই দিনটোত পুৰষ্কাৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল এটা বছৰলৈ বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে।

প্ৰতিখন জিলাৰ পৰা ৩গৰাকী কৰ্মচাৰীয়ে এই পুৰস্কাৰ লাভ কৰিব আৰু ৰাজ্যিক ভিত্তিত ১০গৰাকী কৰ্মচাৰীক এই পুৰস্কাৰ প্ৰদান কৰা হব। কোনো আবেদনৰ ভিত্তিত নহয়, দেখদেখকৈ ওলাই থকা কৰ্মচাৰীকহে এই বটাঁৰ বাবে বাচনি কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme