ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফটেহপুৰত এখন অটোৰ পৰা ২৭গৰাকী যাত্ৰী ওলোৱাৰ ঘটনাৰ চৰ্চা নৌ মাৰ যাওতেই আকৌ এবাৰ চৰ্চাত এখন বাইক। বাইকত চালকৰ সৈতে উঠিছে ৬টা কণমাণি শিশু। প্ৰাপ্ত খবৰ অনুসৰি এই ৬টা শিশু সেই ব্যক্তিজনৰে সন্তান। যিসময়ত দেশত জনসংখ্যাৰ সমস্যাই ব্যাপক ৰূপ লৈছে, তেনে সময়তে এনে ঘটনাই চৰ্চা লাভ কৰিছে। ব্যক্তিজনক যান-বাহন আৰক্ষীয়ে ধৰি ১হাজাৰ টকাৰ চালান কটাৰ লগতে ভৱিষ্যতে এনে নকৰিবলৈ সকিয়নীও প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ব্যক্তিজনে হেলমেটো পৰিধান কৰা নাছিল।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই ঘটনা উত্তৰ প্ৰদেশৰ অৰেৰা জিলাৰ। আৰক্ষীক ব্যক্তিজনে জনোৱা মতে, তেও সকলোকে আইচক্ৰীম খোৱাবৰ বাবে এনেদৰে এখন বাইকতে উলিয়াই লৈ আহিছিল। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ প্ৰকাশ পাইছে যে ভাৰতত যেনেদৰে জনসংখ্যা বাঢ়িছে, তেনেদৰে বাঢ়ি থাকিলে আগন্তুক এটা বছৰত ভাৰতে পিছ পেলাব চীনক।