উৎপল শিৱম
আজি পুৱাৰ পৰাই দীপালী বাইদেওৰ গাত ত’ত নাই। পুৱাই গা পা ধুই দীঘল চুলিটাৰিত সুগন্ধি তেল অকণ সানি মাজেদি সেঁওতা ফালি ফণীয়াই ঢিলাকৈ বান্ধিছে খোপাটো। শিৰত ৰঙাকৈ সেন্দুৰকণ সানি কপালত আঁকি লৈছে ৰক্তজবা। বাৰে বাৰে গৈ ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ… আজি যে তেওঁ অহাৰ কথা।
” সময় পালে আমাৰফালে এবাৰ আহি যাবা” গীতটি গুণগণাই গাই গাই বাইদেৱে বাৰে বাৰে আইনাত মুখ খন চাইছে,এইযে পাবহি হৈছে তেওঁৰ। তেওঁৰ যুগমীয়া প্ৰেমিক “চেনাই নীলপবন ” এই আহি পাইহিহে লাগে। সুদীৰ্ঘ চাৰিটা বছৰ দেখা- দেখি নাই আজন্ম প্ৰেমিক যুগলৰ; আজিহে তেওঁ সময় পালে আহিবলৈ। আজি আহিব তেওঁ কাহানিও ঘূৰি নোযোৱাকৈ।
মেঘাচ্ছন্ন পদূলিয়েদি হটঙা মানুহ এজন পাৰ হৈ আহিছে…. সমগ্ৰ দেহতে সতেজ নাৰ্জীৰ গোন্ধ। ঘিঁ আৰু অৰ্ঘ্যৰ পবিত্ৰ গোন্ধৰে মহমহাই আহিছে মানুহজনৰ দেহৰ পৰা বৈ অহা বতাহজাক। শুভ্ৰ সাঁজত খৰখোজেৰে আগুৱাই অহা মানুহজনে দীপালী বাইদেওলৈ চাই চকু টিপিয়াই হাঁহিলে।
দীপালী বাইদেৱে দেখিয়াই চিনি পালে তেওঁক-” নিপন, তুমি আহিলা? আমাৰ এওঁ কিমান সময়ত আহিব খবৰ পোৱা নেকি?”
হটঙা মানুহজনে ক’লে-” আহিব উলাইছে বাইদেও,শেষৰ প্ৰশ্বাসবোৰ লৈ আছে। মোৰ পাছে পাছে পাইহিহে লাগে!”
দীপালী বাইদেওৰ দেহাৰ মাজেদি এচমকা আবেগে জোকাৰি গ’ল। কিছু সময়ৰ পাছতেই যে আহি হাতখনত ধৰিবহি তেওঁৰ আজন্ম চিৰন্তন প্ৰেমিক নীলপবন বৰুৱাই। এচাটি শীতল প্ৰবাহে বাইদেওৰ আচলখন জোকাৰি গ’ল। এই ইংগিততে তেওঁ বুজিলে যে ইতিমধ্যে চিৰাচৰিত প্ৰেমিকজনৰ নশ্বৰ দেহ ত্যাগ হ’ল।
খৰখেদাকে তেওঁ আকাশৰ পদুলিত পাৰি দিলে এখিলা আগলতি পাত। তাতেই আহি ভৰিটো থৈ তেওঁ যে এই আহি লগাবহি মাত।
আজি আকাশত দুটি তৰাই বৰ চঞ্চলকে নাচিছে। চাওকচোন আকাশলৈ মূৰ তুলি…… আকাশখন এখনি কেনভাছ আৰু বতাহজাক এক চিনাকী সুৰ যেন লাগিছে।
(লিখনিটো ছচিয়েল মিডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে। আজন্ম প্ৰেমিক কিংবদন্তি চিত্ৰশিল্পী নীলপবন বৰুৱা দেৱৰ মহাপ্ৰয়াণত উৎপল শিৱমে কাল্পনিক ভাৱে এই সমগ্ৰ ঘটনাৱলী প্ৰস্তুত কৰিছে)