1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

কাপোৰ নিপিন্ধা উৰ্ফিক নিৰাপত্তা দিব আৰক্ষীয়ে!

  • Update Time : Wednesday, January 18, 2023

ডিজিটেল ডেস্কঃ স্বল্পবসনা উৰ্ফি জাভেদ৷ দেহত বস্ত্ৰ নাথাকেই৷ যাৰ বাবে সদায়েই বিতৰ্কিত থাকে উৰ্ফি৷ উৰ্ফি জাভেদ কম কাপোৰৰ বাবে সদায়েই বিতৰ্কিত থাকে। কেতিয়াবা বিকিনি পিন্ধি কেমেৰাৰ সন্মুখলৈ আহে৷ শৰীৰটো প্ৰদৰ্শন কৰি ভাল পায় উৰ্ফিয়ে। কিন্তু যোৱা কেইদিনমানৰ পৰা উৰ্ফি জাভেদে বিজেপি নেতা চিত্ৰা কিশোৰ ৱাঘৰ সৈতে সংঘাতত লিপ্ত হৈছে৷

বিজেপি নেতা চিত্ৰা ৱাঘে উৰ্ফিৰ বিৰুদ্ধে তাৎপৰ্যপূৰ্ণ অভিযোগ আনে। চিত্ৰা ৱাঘে মুম্বাইৰ ৰাস্তাত উৰ্ফিয়ে অংগ প্ৰদৰ্শন কৰি যৌনতাৰ প্ৰচাৰ কৰা বুলি অভিযোগ আনিছিল। ইয়াৰ পিছত উৰ্ফিয়ে চিত্ৰাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে৷ উৰ্ফি জাভেদৰ অভিযোগৰ পিছতে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে।

মুম্বাই আৰক্ষীৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়ো। পত্ৰখনত উৰ্ফি জাভেদে নিৰাপত্তাৰ দাবী জনাইছিল। কাৰণ হৈছে চিত্ৰা ৱাঘে উৰ্ফিক ৰাজহুৱা স্থানত অপমান কৰাৰ ভাবুকি দিছিল। উৰ্ফি জাভেদ মহিলা আয়োগক চিত্ৰা ৱাঘৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। উৰ্ফিৰ অভিযোগৰ পিছতে মহিলা আয়োগে মুম্বাই আৰক্ষী আয়ুক্তলৈ এখন পত্ৰ লিখে। পত্ৰখনত কোৱা হৈছে যে আৰক্ষীয়ে উৰ্ফিক নিৰাপত্তা প্ৰদান কৰা উচিত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme