ডিজিটেল ডেস্কঃ হিৰ, তু মেৰা হিৰ’ হ্য- হিন্দী এই গানটোতে ৰীলছ বনাই চাকৰিৰ পৰা নিলম্বিত হব লগা হল ৩গৰাকী আৰক্ষী জোৱান। আৰক্ষী জোৱান কেইজনে প্ৰস্তুত কৰা এই ৰীলছটো ছচিয়েল মিডিয়াত ইমানেই বিয়পি পৰে যে, অৱশেষত উপায়ুক্তই তিনিওকে চাকৰিৰ পৰা নিলম্বন কৰে।
উপায়ুক্তই সংবাদমাধ্যমক সদৰি কৰা মতে, এই সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত অব্যাহত আছে। তদন্ত শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে তিনিওকে নিলম্বিত কৰা হৈছে। উপায়ুক্তগৰাকীয়ে সদৰি কৰা মতে, কৰ্তব্যৰ সময়ত তেওঁলোকে প্ৰস্তুত কৰা প্ৰায় ৪টা ৰীলছ ইতিমধ্যে বনজুইৰ দৰে বিয়পি পৰিছে ছচিয়েল মিডিয়াত।
ভিডিঅটোত থকা মহিলা কনিষ্টবল গৰাকীৰ নাম হৈছে বসুধা মিশ্ৰা। মাত্ৰ ডেৰ বছৰৰ আগেয়েহে তেওঁ আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিছে। এই সমগ্ৰ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হৰদৈই জিলাত। শাহাবাদ থানাত কৰ্মৰত আছিল এই আটাইকেইগৰাকী আৰক্ষী জোৱান।
নিলম্বিত হোৱা আন দুগৰাকী আৰক্ষী জোৱানৰ নাম হৈছে যোগেশ কুমাৰ আৰু ৰাজেশ দ্বিবেদী। ইতিমধ্যে তেওঁলোকে ছচিয়েল মিডিয়াৰ নিজা একাউন্টৰ পৰা উক্ত ভিডিঅবোৰ ডিলিট কৰা হৈছে যদিও ইতিমধ্যে ছচিয়েল মিডিয়াত সকলোতে বিয়পি পৰিছে তেওঁলোকৰ এই ভিডিঅসমূহ।