1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

কাৰাগাৰলৈ উদ্ধৱ ভৰালী…

  • Update Time : Friday, January 21, 2022

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হোৱা পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে উদ্ধৱ ভৰালীক। বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ভৰালীক। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথমে ন্যায়ালয়ে ভৰালীৰ জামিন মঞ্জুৰ কৰিছিল যদিও পিছত ভুক্তভোগীৰ জবানবন্দী শুনাৰ পাছত অগ্ৰীম জামিন নাকচ কৰিছিল। এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল ভৰালীৰ বিৰুদ্ধে। পস্ক আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

অৱশ্যে এতিয়ালৈকে নিজকে নিদোৰ্ষী বুলিয়েই মন্তব্য কৰি আহিছে ভৰালীয়ে। তেওঁ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি ভৰালীয়ে সময়ত সকলো পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme