1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

নাৰীয়েই কাল! পৰ্ণ ষ্টাৰক ধন দিয়াৰ বাবে গ্ৰেপ্তাৰ হ’ব ডনাল্ড ট্ৰাম্প…

  • Update Time : Monday, March 20, 2023

ডিজিটেল ডেস্কঃ দিন ভালে চলা নাই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। অচিৰেই গ্ৰেপ্তাৰ হব পাৰে  আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এই কথা নিজেই সদৰি কৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেও কয় যে,  ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক ধন দিয়াৰ অভিযোগত তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰিব পাৰে।

তেওঁ লগতে ইয়াৰ বাবে তেওঁ সমৰ্থক সকলক প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত ট্ৰাম্পক অভিযুক্ত কৰিব নে নাই বিবেচনা কৰি আছে বিভাগীয় কৰ্তৃপক্ষই। যদি ম্যানহাটান জিলাৰ অধিবক্তাসকলে ট্ৰাম্পক দোষী সাব্যস্ত কৰে তেন্তে ট্ৰাম্প অপৰাধত অভিযুক্ত হোৱা প্ৰথম প্ৰাক্তন ৰাষ্ট্ৰপতি হ’ব। অভিযোগ অনুসৰি ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে ষ্টৰ্মি ডেনিয়েলচক ১৩০০,০০০ ডলাৰ দিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme