1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:28 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ৰজা এনেকৈয়ে হয়! প্ৰদ্যুৎ বিক্ৰম মানিক্যই শিকালে আঞ্চলিকতাবাদৰ ৰাজনীতি কেনেকৈ কৰে…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ হ’ল। একক সংখ্যাগৰিষ্ঠাতাৰে ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি।  ৰাজ্যখনত ৬০খন আসনৰ ভিতৰত ৩২খন আসনত বিজয়ী হৈ ত্ৰিপুৰাত বিজেপিয়ে বজাই ৰাখিলে নিজৰ আধিপত্য। কিন্তু এই সকলোবোৰৰ মাজত দেশৰ ৰাজনীতিত চৰ্চালৈ আহিছে আন এগৰাকী ব্যক্তিৰ নাম। তেওঁ হৈছে তিপ্ৰা মথাৰ নেতা তথা কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্য।

প্ৰথমবাৰলৈ বিধান সভাৰ নিৰ্বাচনী যুঁজত নমা তিপ্ৰামথাই ব্য়াপক সফলতাৰ পাছতে চৰ্চালৈ আহিছে এই ৰাজনৈতিক নেতাগৰাকী।  ৰাজনৈতিক দলটো গঠন হোৱাৰ দুটা বছৰৰ পাছতে বিধানসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰি দলটোৱে ১৩খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। এটা ৰাজনৈতিক দলৰ বাবে এয়া অতিকৈ সুন্দৰ আৰম্ভণি।

এই নিৰ্বাচনত দলটোৱে ১৩খন আসন দখল কৰাৰ পাছতে আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ কথা দেশজুৰি চৰ্চা হৈছে। চৰ্চা হৈছে যে, আঞ্চলিকতাবাদৰ ৰাজনীতি ভালকৈ কৰিলে কোনো দলেই বিফল হোৱাৰ কাৰন নাথাকে।  উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ আগতেই প্ৰদ্যুৎ বিক্ৰম মানিক্যই স্পষ্ট কৰি দিছিল যে, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ বাবে ৰাজনীতি কৰা নাই। তেওঁ খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈহে ৰাজনীতিত নামিছে।

প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ সফলতাৰ পাছতে অসমৰ প্ৰেক্ষাপটত সেই একেই আশাৰে ৰাজনীতিত নমা তেওঁৰ বন্ধু লুৰিণজ্যোতি গগৈকো বন্ধুৰ পৰা কিছু ৰাজনীতিৰ ৰণনীতি শিকিবলৈ একাংশই আহ্বান জনাইছে। 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme