1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:04 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

লুৰিণজ্যোতিক বন্ধুয়ে কৰিলে বিশ্বাসঘাটকতা!

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ ধুমুহাত বিধ্বস্ত হৈছে বিৰোধী।  ভাৰতীয় জনতা পাৰ্টিয়ে অকলেই ৩৩খন আসন দখলৰ দিশে আগবাঢ়িছে। ইফালে ৰাজ্যখনৰ আঞ্চলিক দল তিপ্ৰা মথা ১২খন আসনতে সীমাৱদ্ধ থাকিবলগীয়া হৈছে।  তিপ্ৰা মথাৰ মুখ্য মানুহজন হৈছে  ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা কোৱা, এই লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ত্যাগ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মা। এই প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মাৰ সৈতে অসমৰ লুৰিণজ্যোতি গগৈৰ অতিকৈ ঘনিষ্ঠ সম্পৰ্ক। নিৰ্বাচনৰ আগত তেওঁৰ হৈ প্ৰচাৰৰ বাবে ত্ৰিপুৰালৈ গৈছিল লুৰিণজ্যোতি।

কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে, লুৰিণজ্যোতিৰ বন্ধু প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মাই বিজেপিৰ সৈতে মিত্ৰতাৰ দিশে আগবাঢ়িছে। ৰ প্ৰদ্যুৎ বিক্ৰম মানিক্যই ক্ষমতা দখলৰ বাবে বিজেপিৰ সৈতে চামিল হোৱাৰ প্ৰস্তুত চলোৱা বুলি খবৰ লাভ কৰা গৈছে। প্ৰদ্যুৎ বিক্ৰম মানিক্যই গঠন কৰা তিপ্ৰমথা এইবাৰ ত্ৰিপুৰাত কিং মেকাৰৰ ভূমিকা লোৱাটো প্ৰায় নিশ্চিত হৈছে। ভোটগণনাত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে যদিও পৰিশেষত বিজেপিক আন দলৰো সমৰ্থন প্ৰয়োজন হোৱাটো প্ৰায় নিশ্চিত হৈছে।

এনে প্ৰেক্ষাপটত বিজেপিয়ে তিপ্ৰামথাৰ সৈতে আলোচনা কৰা বুলি চৰ্চা চলিছে। আজি সন্ধিয়াৰ ভাগতে তিপ্ৰামথাৰ নেতৃত্বৰে বিজেপিৰ আলোচনা হোৱাৰ কথা। যদিও সেয়াই হয় তেন্তে কা আন্দোলন কৰি পৰৱৰ্তী সময়ত বিজেপিৰ সৈতে চামিল হোৱা নেতাৰ তালিকাত আনতকৈ পৃথক, ব্যতিক্ৰম বুলি পৰিচিত প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ নামো অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme