1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:24 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পুলিচ হওক নীলাম্বৰ সিনহাৰ দৰেঃ ৪৫লাখ টকাৰ বেগ হেৰাই পাইয়ো ঘূৰাই দিয়া চিপাহীজন…

  • Update Time : Sunday, July 24, 2022

ডিজিটেল ডেস্কঃ সদায়ে দেখি থকা ঘটনাবোৰে মানুহক ভাৱিবলৈ বাধ্য কৰাইছে যে, বৰ্তমান সময়ত টকাই সকলো। টকাৰ আগত মূল্যবোধ, সততা সকলো অসাৰ। কিন্তু শেহতীয়াকৈ ঘটা এক ঘটনাই সমগ্ৰ দেশক ভাৱিবলৈ বাধ্য কৰালে যে,  ধনৰ অভাৱ হলেও আজিও এনে বহু লোক আছে যিয়ে টকাতকৈ মানৱতা আৰু মূল্যবোধক আগস্থান দিয়ে।

লোকজনৰ নাম নীলাম্বৰ সিনহা। যান-বাহন আৰক্ষীত তেওঁ কৰ্মৰত।  কৰ্তব্যৰ সময়তে তেওঁ হঠাতে মন কৰিলে ৰাস্তাত এটা বেগ পৰি আছে। তেওঁ বেগটো উঠাই দেখিলে যে বেগটোত ২০০০ আৰু ৫০০টকীয়া নোটেৰে ভৰি আছে। বেগটো লগে লগে তেওঁ স্থানীয় থানাত জমা দিয়ে আৰু থানাৰ কৰ্তৃপক্ষই হিচাপ কৰি দেখে যে বেগটোত আছিল ৪৫লাখ টকা। বেগটোৰ গৰাকীক বিচাৰি থানাৰ কৰ্তৃপক্ষই এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। লগতে নীলাম্বৰ সিনহাই এই বেগটো হেৰাই পাই পুলিচক জমা দিয়া বুলি সদৰি কৰিছে।

নীলাম্বৰৰ এই কাৰ্যৰ পিছতে ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিল এই খবৰ। এগৰাকী সাধাৰণ আৰক্ষী কৰ্মীৰ এই সততা দেখি জিলা প্ৰশাসনেও নীলাম্বৰক লৈ গৌৰৱবোধ কৰিছে। ঘটনাৰ সন্দৰ্ভত নীলাম্বৰে কয়- বেগটো দেখি মই ভাৱিলো কোনোবাই হয়তো বহু কষ্টৰে এই টকাখিনি উপাৰ্জন কৰিছে। গতিকে টকাখিনিৰ আচল গৰাকীয়ে বেগটো পোৱাটো মই বিচাৰিছিলো। আৰু সেই কাৰনে থানালৈ লৈ আহিছিলো।

নীলাম্বৰে লগতে কয়- ধনৰ দুখীয়া হব পাৰো, কিন্তু লোভ নাই। মই মোৰ কৰ্মৰে যিখিনি কৰিছো তাত মই আৰু পৰিয়াল সুখী।  উল্লেখ কৰা প্ৰয়োজন যে, নীলাম্বৰ চত্তীশগড়ৰ ৰায়পুৰৰ আৰক্ষী কৰ্মী

ভোগবাদীৰ এই পৃথিৱীখনত নীলাম্বৰৰ দৰে মানুহৰ বাবেই হয়তো আজিও মূল্যবোধ জীয়াই আছে। চেল্যুট নীলাম্বৰ….

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme