1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:18 am

আজি বিশ্ব কাছ দিৱস। বিশ্ব কাছ দিৱসৰ মূল উদ্দেশ্য জানেনে?

  • Update Time : Monday, May 23, 2022

ডিজিটেল ডেস্কঃ আজি বিশ্ব কাছ দিৱস। ২৩ মে’ৰ দিনটোক সমগ্ৰ বিশ্বতে বিশ্ব কাছ দিৱস হিচাপে পালন কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশৰ ফলত বহু জীৱ-জন্তু পৃথিৱীৰ পৰা বিলুপ্ত হৈছে। পৃথিৱীৰ পৰা কেইবাপ্ৰকাৰৰ জীৱ সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে। বহু সংখ্যক জীৱৰ প্ৰজাতি লুপ্তপ্ৰায় হৈ পৰিছে।

বিলুপ্তৰ পথলৈ অগ্ৰসৰ হোৱা বিভিন্ন জীৱৰ অন্যতম হিচাপে বিৱেচিত হৈছে পৃথিৱীৰ প্ৰাচীনতম জীৱ ‘কাছ’। কাছ এবিধ সৰীসৃপ প্ৰজাতিৰ প্ৰাণী। যি পানী আৰু মাটি উভয়তে বাস কৰে। পৃথিৱীৰ প্ৰাচীন প্ৰাণী সমূহৰ অন্যতম কাছৰ প্ৰায় ৫০০ প্ৰজাতি আছিল যদিও এতিয়া ইয়াৰ সংখ্যা ৩০০ৰ তললৈ আহিছে। বিভিন্ন পৰিস্থিতিত নিজৰ শৰীৰৰ আভ্যন্তৰীণ তাপমাত্ৰাৰ পৰিৱৰ্তন কৰিব পৰা কাছৰ(Tortoise) উপৰিভাগক Carapace আৰু তলৰ অংশক Plastron বুলি কোৱা হয়। পৃথিৱীৰ অধিকাংশ দেশৰে নৈ, বিল, জান, জুৰি, পাহাৰত পোৱা বিশেষ প্ৰাণী বিধ ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গতি কৰিছে। মানুহতকৈ বহু বেছি দিন বাছি থাকিব পৰা কাছৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰিছে। সাধাৰণতে কাছ ১০০ বছৰলৈ জীয়াই থকাৰ লগতে কোনো কোনো প্ৰজাতিৰ কাছ ১৫০ বছৰলৈকে জীয়াই থাকে। এজনী মাইকী কাছই এবাৰত ৩০টা পৰ্যন্ত কণী পাৰে। কণীৰ পৰা পোৱালী জগাবলৈ ৬০ৰ পৰা ১২০ দিন সময় লাগে। এনে বংশ বৃদ্ধিৰ পাছতো কাছ কিয় বিলুপ্তপ্ৰায় হ’বলৈ গতি কৰিছে?

২৩ মে’ৰ দিনটো ২০০০ চনৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পালন কৰি অহা হৈছে। কাছ, সম্পৰ্কত মানুহৰ মাজত সচেনতা বৃদ্ধিৰ লগতে প্ৰকৃতিৰ অন্যান্য জীৱৰ লগতে এই জীৱটোৰ প্ৰতিও সন্মান দেখুওৱা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত সচেতনতা বৃদ্ধি কৰাই ‘বিশ্ব কাছ দিৱস’-ৰ মূল লক্ষ্য। আমেৰিকাৰ পৰিৱেশ সংগঠন ‘American Tortoise Rescue’য়ে এই দিৱস পোনপ্ৰথমে পালন কৰিছিল।

‘কাছ’ৰ লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰাৰ কেইবাটাও কাৰণ গৱেষক বিছাৰি উলিয়াইছে। কাছৰ সংখ্যা কমি অহাৰ কাৰণসমূহৰ অন্যতম এটা হৈছে জলবায়ু পৰিৱৰ্তন। পৃথিৱীত জলবায়ুৰ অস্বাভাৱিক তাৰাতম্যই অইন বিভিন্ন ক্ষেত্রত প্ৰভাৱ পেলোৱাৰ দৰে ‘কাছ’ৰ জীৱনলৈও ভাবুকি কঢ়িয়াইছে। নৈ, বিল, জান, জুৰিত বিহ আৰু কীটনাশক প্ৰয়োগ, জলাশয়সমূহত সহনশীল পৰিৱেশৰ অভাৱ, প্ৰাণী বিধক দেখা মাত্ৰই ধৰা বা মাৰি পেলোৱা, বিভিন্ন দেশত প্ৰাণীবিধক কুদৃষ্টিৰে চোৱা আদি কাৰণো ‘কাছ’ লুপ্তপ্ৰায় হৈ পৰাৰ অন্যতম কাৰণ।

অসমত এটা সময়ত ব্ৰহ্মপুত্ৰ বা বিভিন্ন নৈত ১২টা প্ৰজাতিৰ কাছ পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰে দহটা প্ৰজাতিয়েই বিলুপ্ত হৈ পৰিছে। স্থানীয় ভাষাত ‘ডুৰা’ প্ৰজাতি আৰু ভৈয়ামত মাজে সময়ে দেখাপোৱা ‘কাঠুৱা’ প্ৰজাতিৰ কাছহে আছে যদিও এই প্ৰজাতি দুটাৰো সংখ্যা দ্ৰুত ভাৱে কমি গৈছে। বিশ্ব কাছ দিৱসৰ সৈতে চিৰিয়াখানত আয়োজন কৰা অনুষ্ঠানত অসমৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে। অনুষ্ঠানত ডিএফঅ অশ্বিনী কুমাৰে ভাষণ প্ৰসংগত কয় যে, ‘অসমৰ প্ৰাকৃতিক পৰিৱেশ কাছৰ বাবে উপযোগী যদিও কাছ আজি বিলুপ্তপ্ৰায় হোৱাৰ দিশত।

উল্লেখ্য যে ৰাজ্যৰ নদ-নদী, জলাশয় আদিত থকা কাছই বাৰিষা প্ৰজনন বা কণী পাৰিবলৈ পাৰলৈ উঠি আহে। তেনে সময়তে একাংশ চোৰাং চিকাৰীয়ে কাছ ধৰি বিভিন্ন স্থানত বিক্ৰী কৰাৰ লগতে বহিঃৰাজ্যলৈও চালান দি আহিছে।বহিঃৰাজ্যত কাছৰ মাংসৰ উপৰিও কাছৰ ওপৰৰ চলঙো বিক্ৰী হয়। কাছৰ চলঙত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে বুলি বিশ্বাস একাংশৰ বিশ্বাস।’ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যবাসীলৈ কাছ সংৰক্ষণৰ বাবে আহ্বানো জনাইছে চিৰিয়াখান কৰ্তৃপক্ষই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme