1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 11:38 pm

দিনটোত কৰক এই ৫টা কাম আৰু হৈ পৰক দক্ষিণৰ অভিনেত্ৰীৰ দৰে ‘বিউটিফুল’…

  • Update Time : Sunday, March 13, 2022

ডিজিটেল ডেস্কঃ ধুনীয়া হবলৈ কাৰনো মন নাযায়। বিশেষকৈ দক্ষিণ ছবিজগতৰ মোহময়ী অভিনেত্ৰীসকলৰ অনুৰাগী দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু আপুনি জানেনে কিমান পৰিশ্ৰমৰ অন্তত তেওঁলোকে এই চেহেৰাৰ অধিকাৰী হয়।

বিশেষকৈ  অভিনেত্ৰী সকলক নিজৰ শৰীৰ প্ৰতি বিশেষভাৱে যত্ন লোৱা দেখা যায়৷  নিজ শৰীৰৰ লগতে সৌন্দৰ্য্যৰ প্ৰতি যত্ন লয় অভিনেত্ৰী সকল৷  আপুনি জানেনে কি ব্যায়াম কৰাৰ বাবে অত্যন্ত সুন্দৰ হৈ পৰিছে সামান্থা ৰুথ প্ৰভু৷  সামান্থা ৰুথ প্ৰভুৰ অনুৰাগীৰ সংখ্যা প্ৰতিদিনে বাঢ়ি আহিছে৷  দেশৰ লগতে বিদেশত যথেষ্ট অনুৰাগী এইগৰাকী অভিনেত্ৰীৰ।  দক্ষিণৰ এই অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ সমান্তৰালকৈ ব্যায়ামৰ বাবেও বিখ্যাত।

অভিনেত্ৰী গৰাকীয়ে কৰা ব্যায়াম সমূহঃ

১/ ডাম্বেল বেঞ্চ লাঞ্জ :- পিঠি, ভৰি আৰু কঁকালৰ পেশী ভাল ৰাখিবলৈ কৰা হয় এই ব্যায়াম। খালী হাতেৰে লেঞ্জিং কৰাৰ পৰিৱৰ্তে ডাম্বেলৰ সৈতে অনুশীলন কৰে সামান্থাই।

২/ বাৰবেল ডেডলিফ্ট :- ৭৫, ৭৮ ৰ পৰা ৮০ কিলোগ্ৰাম ওজনৰ বাৰবেলৰ সৈতে ডেডলিফটিং কৰে সামান্থাই। শৰীৰ যত্নত যথেষ্ট গুৰুত্ব দিয়াৰ লগতে তেওঁ বাৰবেল ব্যৱহাৰ কৰি নিয়মীয়া ডেডলিফ্টৰ দৰে কঠোৰ পৰিশ্ৰমও কৰে ।

৩/ স্কোয়াট :- চতুৰ্ভুজ পেশী আৰু উৰুৰ পেশী ভাল ৰাখিবলৈ স্কোয়াট হৈছে এক অতি উপযোগী ব্যায়াম। সামান্থাই ওজনৰ সৈতে নিয়মীয়াকৈ এই ব্যায়াম অব্যাহত ৰাখিছে৷

৪/ জাম্প স্কোয়াট :- আঁঠুৰ ওপৰত জাম্প স্কোয়াট কৰে সামান্থাই৷

৫/ যোগ :- কেৱল ঘাম ওলোৱাটো কঠিন ব্যায়াম নহয়, এইগৰাকী অভিনেত্ৰীয়ে নিয়মীয়াকৈ যোগ-ব্যায়াম কৰাৰ লগতে, তেওঁক ৰচীৰ পৰা ওলমি থকা অৱস্থাত বিভিন্ন ফটো ভাইৰেল হৈ পৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme