1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:00 pm

একশ্যনত অসম আৰক্ষী! সংকেত নামানি পলাবলৈ খোজা দুই ড্ৰাগছ সৰবৰাহকাৰীলৈ গুলীচালনা…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ একশ্যন মুডত অসম আৰক্ষী। অপৰাধীৰ প্ৰতি শূণ্য সহনশীল নীতিৰে অতিকৈ কঠোৰ হৈছে আৰক্ষী।  প্ৰতিদিনাই দুই-তিনিটাকৈ অপৰাধীক গুলীচালনা কৰি সক্ৰিয়তা প্ৰৰ্দশন কৰিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ বুধবাৰে দুই ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰিও গুলীচালনা কৰে আৰক্ষীয়ে।

প্ৰাপ্ত খবৰ অনুসৰি, ড্ৰাগছ লৈ আহোতে ৰাস্তাত আৰক্ষীয়ে ৰবলৈ সংকেত দিছিল যদিও সৰবৰাহকাৰী দুজনে মনা নাছিল সংকেত। যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। তিনিচুকীয়াৰ বাইপাছত সংঘটিত হোৱা এই ঘটনাৰ পাছতে জিলা খনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। গুলীবিদ্ধ সৰবৰাহকাৰী কেইজনক হস্পাতালত ভৰ্তি কৰি প্ৰাথমিক চিকিতসা প্ৰদান কৰা হৈছে।

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme