ডিজিটেল ডেস্কঃ সুৰা কেলেংকাৰীত অভিযুক্ত হিচাপে প্ৰমাণ পোৱাৰ পাছতে চি বি আয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচৌদিয়া বৰ্তমান আছে তিহাৰ জেলত। এই সমগ্ৰ তদন্ত কাণ্ড বৰ্তমানেও অব্যাহত ৰাখিছে চি বি আয়ে। এই তদন্তৰ অংশ হিচাপে তিহাৰ জেলতে চিচৌদিয়াক ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে চি বি আইৰ লগতে ই ডিয়ে।
যোৱা মঙলবাৰে ই ডিয়ে মনীষ চিচৌদিয়াক ৭ঘন্টা জেৰা কৰাৰ পাছত আজি পুনৰ জেৰা কৰিবলৈ ই ডিৰ এটা দল উপস্থিত হৈছে তিহাৰ জেলত। সুৰা কেলেংকাৰীৰ সমগ্ৰ কাণ্ডত কিমান ধনৰ লেনদেন হৈছিল আৰু ইয়াৰ ভাগ-বতৰোৱা বিভিন্ন তথ্য উদঘাটনৰ বাবে ই ডিয়ে জেৰা চিচৌদিয়াক পুনৰ জেৰা চলাইছে বুলি জানিব পৰা গৈছে।