1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:42 pm

উফ, কেনেকৈ চাব? পিতৃ-মাতৃৰ কফিন দেখি হুকহুকাই কান্দিলে দুই কন্যাই…

  • Update Time : Thursday, December 9, 2021

ডিজিটেল ডেস্কঃ কোনেনো ভাৱিছিল! পত্নীৰ সৈতে হাঁহি-মাতি এটা অনুষ্ঠানলৈ ওলাই যোৱা লোকজন এনেদৰে কফিনত আহিব উভতি!  প্ৰায় চাৰি দশক দেশমাতৃৰ সেৱাৰ সৈতে নিয়োজিত লোকজনক এনেদৰে অকালতে হেৰুৱা যোৱা ঘটনাতো যেন কোনেও সহজভাৱে লব পৰা নাই। বৃহস্পতিবাৰে বিয়লিভাগত ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়কৰ মৃতদেহ দিল্লী পালেহি। তামিলনাডুৰ পৰা আন বিষয়া-জোৱানৰ মৃতদেহৰ লগতে বিপিন ৰাৱাটৰ মৃতদেহো অনা হল দিল্লীলৈ।

Image

অহা শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হব বিপিন ৰাৱাটৰ। ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে উপস্থিত থাকিব কেইবাগৰাকীও কেবিনেট মন্ত্ৰী। প্ৰধানমন্ত্ৰীও এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে।

Image

দিল্লীত আটাইৰে নশ্বৰ দেহ পোৱাৰ লগে লগে পৰিয়ালৰ লোকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিপিন ৰাৱাটৰ দুই কন্যাও উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিতৃ-মাতৃৰ নশ্বৰ দেহ দেখি শোকত ভাগি পৰে দুয়ো কন্যা।

Image

বৃহস্পতিবাৰে উক্ত স্থানত উপস্থিত থাকি মৃত জোৱান-বিষয়াসকলৰ পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সিঙৰ সৈতে উপস্থিত থাকে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme