1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:08 am

সংঘাতে জুৰুলা কৰিছে কংগ্ৰেছক! ৰাজীৱ ভৱনত ওলমিল তলা…

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ দলৰ ভিতৰতে চলি থকা সংঘাতৰ যেন কেতিয়াও ওৰ নপৰিব কংগ্ৰেছৰ। শেহতীয়াকৈ পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ইমান চৰম পৰ্যায় পালেগৈ যে,  দলৰ কাৰ্যালয়তে  তলা ওলমালে ক্ষুব্ধ কংগ্ৰেছীয়ে। তেজপুৰত সংঘটিত হৈছে এই ঘটনাটো।

কাৰ্যালয়টো কেৱল তলা লগোৱাই নহয় দলীয় কৰ্মীসকলে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিও দিয়ে।  কংগ্ৰেছ নেতা মাধুৰ্য্য গোস্বামী, অপূৰ্ব ভট্টাচাৰ্য মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলা পৰিৱেশ চম্ভালিবলৈ আৰক্ষীয়ো মোতায়েন কৰা হয় পিছৰ পৰ্যায়ত। যোগ্য প্ৰাৰ্থী বঞ্চিত কৰি শীৰ্ষ পৰ্যায়ৰ নেতাই নিজেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি অসন্তুষ্টি ব্যক্ত কৰে কৰ্মী সকলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme