1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:28 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

চাকৰি যাব! ৩টা সন্তান জন্ম দিয়াৰ বাবে ৯৮৯ শিক্ষকলৈ বিশেষ জাননী…

  • Update Time : Monday, April 4, 2022

ডিজিটেল ডেস্কঃ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত জাৰি কৰা এক নিৰ্দেশনা অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ ২টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। কিন্তু কিমানগৰাকী চৰকাৰী কৰ্মচাৰীয়ে এই নিৰ্দেশনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে? পোনতেই প্ৰায়সংখ্যক চৰকাৰী কৰ্মচাৰীয়েই বিষয়টোক উপলুঙা কৰাৰ বাবে কঠোৰ হৈছে চৰকাৰ। ৰাজ্যখনৰ মাত্ৰ ১৮৯গৰাকী কৰ্মচাৰীয়েহে চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাইছে । যিসকল কৰ্মচাৰীয়ে এই বিষয়টোক অৱমাননা কৰিছে তেওঁলোকলৈ চৰকাৰে প্ৰেৰণ কৰিছে জাননী। মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

মধ্য প্ৰদেশৰ বিদিশা নামৰ জিলাখনত এই ঘটনা। চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতো প্ৰায়সংখ্যকেই এই নিৰ্দেশনাক অৱমাননা কৰি ৩টা বা কিছুৱে ৩টাতকৈও বেছি সন্তান জন্ম দিছে। শিক্ষকসকলৰ ক্ষেত্ৰতেই এই নিয়ম উলংঘনৰ ঘটনা সৰ্বাধিক। জিলাখনৰ ৯৮৯গৰাকী শিক্ষকলৈ চৰকাৰে জাননীও প্ৰেৰণ কৰিছে। জাননীত এইসকল শিক্ষকক নিয়ম অৱমাননাৰ উচিত কাৰণ দৰ্শাবলৈ কোৱা হৈছে। ২০২১ বৰ্ষৰ ২৬ জানুৱাৰীত পাৰিবাৰিক কল্যাণ আদেশত, চৰকাৰী কৰ্মচাৰীসকলৰ ২টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব এই বিষয়টো সন্নিবিষ্ট কৰা হৈছিল।

শেহতীয়াভাৱে চৰকাৰী কৰ্মচাৰীসকলকলৈ চৰকাৰীভাৱে চলোৱা এক সমীক্ষাত পোহৰলৈ অহা তথ্যই সচকিত কৰি তুলিছে শিক্ষিত সমাজক। শিক্ষিত সমাজতেই নিৰ্দেশনা জাৰি কৰাৰ পিছতো নিৰ্দেশনাক অৱমাননা কৰি সন্তান জন্ম দিয়া ঘটনাটোৱে লজ্জিতও কৰিছে বুলি একাংশই প্ৰকাশ কৰিছে।

জিলাখনৰ যি ৯৮৯ জন শিক্ষকে এই নিৰ্দেশনাক অৱমাননা কৰিছে তেওঁলোকক ১৫ দিনৰ ভিতৰতেই উত্তৰসমূহ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ শিক্ষা বিভাগত মুঠ ৭০০০গৰাকী শিক্ষক আছে। শিক্ষকসকলে প্ৰেৰণ কৰা উত্তৰৰ ভিত্তিতহে ৰাজ্যখনৰ শিক্ষা বিভাগে এইসকল শিক্ষকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই কথা ঠিৰাং কৰিব বুলিও জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme