ডিজিটেল ডেস্কঃ অসমৰ চৰকাৰী শিক্ষাখণ্ডক লৈ বিভিন্ন সময়ত বিভিন্ন বিৰ্তকৰ অৱতাৰণা হয়। কেতিয়াবা যদি শিক্ষা ব্যৱস্থাক লৈ কেতিয়াবা আকৌ শিক্ষকসকলৰ কৰ্মকাণ্ডক লৈ। শেহতীয়াকৈ পৰীক্ষাসমূহত চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থাই বাৰুকৈয়ে চিন্তাত পেলাইছে সচেতন মহলক। অতি শেহতীয়াকৈ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত লোকসকল অন্য বৃত্তিৰ সৈতে জড়িত হৈ শিক্ষকতালৈ পিঠি দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে। এনে চৰ্চা চলি থকা সময়তে এগৰাকী শিক্ষকৰ এটা বিশেষ কামে দেশবাসীক আচৰিত তুলিছে।
ক্লাছ নকৰা অথবা শিক্ষকতাৰ দায়িত্ব সুচাৰু ৰূপে পালন নাই কৰা বুলি অনুভৱ কৰি এগৰাকী শিক্ষকে উভতাই দিলে ৩৩মাহৰ দৰমহা। মুঠ ২৩লাখ ৮২হাজাৰ ২২৮ টকাৰ চেক বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক প্ৰদান কৰিলে এই শিক্ষকগৰাকীয়ে। এই শিক্ষকগৰাকীৰ নাম হৈছে ললন কুমাৰ। বিহাৰৰ মুজাফৰপুৰৰ নীতিশেশ্বৰ কলেজৰ সহকাৰী অধ্যাপক ললন কুমাৰে ২০১৯ চনত যোগদান কৰিছিল। কিন্তু যোগদানৰ এই ৩৩ মাহত তেওঁৰ ক্লাছত উপস্থিত নাছিল এজনো ছাত্ৰ। যাৰ বাবে লালন কুমাৰে মঙলবাৰে বি আৰ আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক ২৩,৮২,২২৮ টকাৰ চেক প্ৰদান কৰি ৩৩ মাহৰ দৰমহা ঘূৰাই দিয়ে।
ললন কুমাৰে প্ৰকাশ কৰা অনুসৰি, ‘শিক্ষকতা নকৰাকৈ দৰমহা লোৱাৰ বাবে মোৰ বিবেকে মোক অনুমতি নিদিয়ে। যাৰ বাবে মই মোৰ দৰমহা ঘূৰাই দিছো। ‘ উল্লেখ্য যে, ক’ভিড পৰিস্থিতিত অনলাইন ক্লাছৰ সময়তো কোনো এজন ছাত্ৰই শিক্ষকজনৰ হিন্দী ক্লাছত উপস্থিত নাছিল। যাৰ বাবে তেওঁ ক্লাছ কৰিব পৰা নাছিল আৰু শেহতীয়াকৈ তেওঁ উভতাই দিলে ৩৩মাহৰ দৰমহা।