1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:58 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

এইয়াই সত্য! তাজমহল হিন্দুৰেই ভূমিত নিৰ্মিত…

  • Update Time : Wednesday, May 18, 2022
Taz mahal

ডিজিটেল ডেস্কঃ ইতিহাস মানুহেই লিখে। ইতিহাস মানুহেই সলনি কৰে। কিন্তু সকলো ইতিহাসৰ সত্যাসত্য নিৰূপন কিমানদুৰ সম্ভৱ। ইতিহাস সলনিৰে ন ইতিহাস সৃষ্টিৰ বাবেই যেন এই তাজমহল বিতৰ্ক। লিখা হ’ব নেকি তাজমহলক লৈ পুনৰ ন’ কোনো ইতিহাস? এই ইতিহাসতত নাথাকিব নেকি ছাহজাহান অথৱা তেওঁৰ প্ৰিয়তমা পত্নী মমতাজৰ নাম! বহু প্ৰশ্নৰ মাজে মাজে আগবাঢ়িছে এই বিতৰ্ক। কোনোৱে কেৱল দাবীতেই যদি ৰৈ গৈছে কোনো দাঙি ধৰিবলৈ চেষ্টা কৰিছে প্ৰমান।

প্ৰিয়তমা পত্নীৰ মৃত্যুত ছাহজাহানে নিৰ্মাণ কৰা সমাধি তাজমহলক লৈ অব্যাহত আছে বিতৰ্ক। এইয়া শিৱ মন্দিৰহে বুলি একাংশৰ দাবী। আন একাংশই নাম সলনি কৰি তাজমহলক তেজোমহল কৰাৰো পক্ষপাতী। মোগল সম্ৰাট ছাহজাহানে সঁচাকৈয়ে নিৰ্মাণ কৰিছিলনে এই মহল? তাজমহলৰ আচল ইতিহাস ইমানদিনে পোহৰলৈ অহাই নাছিল। কিয় ঢাকি ৰখা হৈছিল প্ৰকৃত ইতিহাসক?

বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগেই পোহৰলৈ আহিছে এটাৰ পিছত আনটো কথা। তাজমহল নিৰ্মাণ কৰা ভূমিৰ তথ্যও আহিছে পোহৰলৈ। তাজমহল নিৰ্মাণ হোৱা ভূমিভাগ প্ৰকৃততে হিন্দুৰেই ভূমি আছিল। সম্প্ৰতি অনুসন্ধানত পোহৰলৈ অহা তথ্যমতে তাজমহল নিৰ্মাণ কৰা এলেকাত পূৰ্বতে এখন হিন্দু বজাৰ আছিল। জয়পুৰৰ মহাৰাজ জয় সিংহৰ মাটিত এই তাজমহল নিৰ্মাণ কৰা হৈছে। অৱশ্যে এই মহল নিৰ্মাণত কিন্তু কোনো সন্দেহ নাই এই মহল নিৰ্মাণ কৰিছিল ছাহজাহানেই। বিতৰ্কৰ মাজতেই এই তথ্য পোহৰলৈ আনিছে ৰাজস্থানৰ সাংসদ তথা বিজেপি নেত্ৰী দিয়া কুমাৰীয়ে।

আনহাতে হিন্দুত্ববাদী বহুকেইটা সংগঠনৰ দাবী, ‘তেজো মহালয়’ নামৰ এটি শিৱ মন্দিৰৰ ওপৰতহে নিৰ্মাণ কৰা হৈছিল সপ্ত আচৰ্যৰ ভিতৰত স্থানপ্ৰাপ্ত তাজমহলক।ইয়াৰ পূৰ্বেও জয়পুৰ ৰাজপৰিয়ালৰ কিছুু সদস্যৰ মতে তাজমহল নিৰ্মিত মাটিত তেওঁলোকৰ পূৰ্ণ অধিকাৰ আছে। এই একেই দাবীৰে এইবাৰ সৰৱ হৈছে জয়পুৰৰ প্ৰয়াত মহাৰাণীৰ নাতিনী গায়ত্ৰী দেবীও। কেৱল সৰৱ হোৱাই নহয় গায়ত্ৰী দেৱীয়ে তাজমহল নিৰ্মীত ভূমিৰ নথিও জয়পুৰ ৰাজপৰিয়ালৰ হাততেই আছে বুলি দাবীও কৰিছে।

ইপিনে ইতিহাসে কয়, মোগলৰ বিৰুদ্ধে যুঁজি ৰাজস্থানৰ কোনো কোনো ৰাণাই দখল কৰিছিল দিল্লীৰ বিভিন্ন অংশ। কিন্তু জয়পুৰ কিছু ব্যতিক্ৰম আছিল। মোগলেৰে ঘনিষ্ঠ সম্পৰ্ক আছিল জয়পুৰৰ ৰাজপৰিয়ালৰ। ৰজা মানসিঙ সম্ৰাট আকবৰৰ অন্যতম সেনাপতি হোৱাই এই সম্পৰ্কৰ উপযুক্ত প্ৰমাণ। আকবৰৰ সেনাপতি হোৱা হেতুকেই যমুনা নদীৰৰ তীৰৰ ভূমিভাগ আকবৰে মানসিঙক প্ৰদান কৰিছিল। মানসিঙৰ সেই ভূমিতেই পিছত নিৰ্মাণ কৰা হৈছিল তাজমহল।

যদিও সেই ভূমিত পূৰ্বতে কোনো শিৱ মন্দিৰ থকাৰ প্ৰমাণ নাই তথাপিও এটা কথা ইতিহাসে তুলি ধৰা অনুসৰি মানসিঙৰ পৰিয়াল তথা জয়পুৰৰ সম্ৰাটসকল সকলোৱেই শিৱক ভক্ত আছিল। উনৈশৰ দশকত ৰাম সিংহই শিৱক উপাসনা কৰাৰ কথা ইতিহাসেই দাঙি ধৰে। উল্লেখ্য যে প্ৰকৃততে তাজমহল স্থাপন কৰা এলেকাত শিৱমন্দিৰ আছিলনে সেই কথাৰহে কোনো প্ৰমান ইতিহাসত বৰ্তমানো লাভ কৰা হোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme