1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:04 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈও মাদ্ৰাছাত পঢ়িছিল…

  • Update Time : Sunday, September 18, 2022

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ মাদ্ৰাছাত পঢ়িছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আজ টকত হোৱা এটা বিশেষ সাক্ষাতকাৰত এই আলোচনাৰ প্ৰসংগত এই কথা কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  আজ টকৰ তিনিগৰাকী সাংবাদিকৰ থাৰ্ড ডিগ্ৰী নামৰ এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীক মাদ্ৰাছাক লৈ কিছু প্ৰশ্ন কৰা হৈছিল। আৰু এই প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উদাহৰণ দি কৈছিল এই কথা।

দৰাচলতে সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে, মাদ্ৰাছাৰ পৰাই ৰাজা ৰাম মোহন ৰায়ৰ দৰে মানুহ ওলাই আহিছে। তেনেস্থলত মাদ্ৰাছাক লৈ আপুনি ইমান কঠোৰ কিয়! এই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল- সেই সময়ৰ পৰিস্থিতিক লৈ মাদ্ৰাছাত পঢ়িব পাৰে কিয়নো সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত হয়তো আন বিকল্প পন্থা নাছিল, সেইকাৰনেই মাদ্ৰাছাত পঢ়িছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- মই আপোনালোকক আৰু এটা কথা কওঁ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মাদ্ৰাছাত পঢ়িছিল। সেই সময়ৰ কথা বেলেগ আছিল। কিন্তু এতিয়া সময় সলনি হৈছে। এতিয়া স্বাধীনতাৰ ৭৫বছৰ পাৰ হল। গতিকে সেই সময় আৰু এতিয়াৰ সময়ৰ মাজত পাৰ্থক্য আছে। তৰুণ গগৈ ডাঙৰীয়াই নিজে মাদ্ৰাছাত পঢ়িছিল বুলি তেওঁৰ পুত্ৰকটো মাদ্ৰাছাত পঢ়োৱা নাছিল। গতিকে কথাবোৰ তেনেকুৱাই।

সেই সাক্ষাতকাৰ চাব পাৰিব তলৰ লিংকত, ক্লিক কৰক..

https://www.facebook.com/watch/?v=3304791019839379

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme