1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

যুদ্ধ হ’ব! টাইৱানক ঘৰত সোমাই বধিবলৈ সাজু ৰঙা চীন…

  • Update Time : Friday, September 2, 2022

ডিজিটেল ডেস্কঃ ৰঙা চীনে এবাৰ কৰিম বুলি কোৱা কামটো শেষ নোহোৱালৈকে শান্তিত নাথাকে। শেহতীয়াকৈ টাইৱানৰ লগত চীনৰ চলি থকা শীতল যুদ্ধৰ সময়তে শেহতীয়াকৈ টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে, চীনৰ ৫৩খন যুজাৰু বিমান, ৮খন নৌ সেনাৰ  জাহাজ প্ৰৱেশ কৰিছে টাইৱানত। ইয়াৰে ১৪খন যুজাৰু বিমান  টাইৱানৰ মধ্য সীমা পাৰ কৰিছে বুলিও টাইৱানে দাবী কৰিছে।

চীনৰ এই ততপৰতা দেখি ইফালে টাইৱানো যুদ্ধৰ বাবে সাজু হৈছে। টাইৱানে সাজু কৰি থৈছে ডিফেন্স মিচাইল চিষ্টেমৰ লগতে অস্ত্ৰ-শস্ত্ৰ। যোৱা বৃহস্পতিবাৰৰ আবেলিৰ পৰাই চীনে টাইৱানত প্ৰৱেশ কৰা বুলি সদৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।  উল্লেখ কৰা প্ৰয়োজন যে, চীন-টাইৱানৰ মাজত চলি থকা এই যুদ্ধ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ টাইৱানক সংগ দিছে আমেৰিকাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme