1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:51 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

হাঁহি হাঁহি বিয়া হৈ চকুলো টুকি ঘূৰি আহিছিল শ্যামন্তিকাঃ পাছতহে গম পালে স্বামীৰ আঁচল ৰূপ…

  • Update Time : Thursday, June 22, 2023

ডিজিটেল ডেস্কঃ চিনেমাৰ কথাক লৈ চৰ্চালৈ নাহিলেও প্ৰেম আৰু বিয়াৰ কিছু কথাক লৈ মাজে-সময়ে সংবাদ শিৰোনাম দখল কৰে জানমণি খ্যাত শামন্তিকা শৰ্মাই। শেহতীয়াকৈ এটা সংবাদমাধ্যমত দিয়া এক সাক্ষাতকাৰৰ পাছতে নিজৰ ব্যক্তিগত জীৱনক লৈ পুনৰ সংবাদ শিৰোনাম দখল কৰিছে শ্যামন্তিকাই।

২০১৯চনত শ্যামন্তিকা শৰ্মা বিবাহ পাশত আৱদ্ধ হৈছিল। মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ত মাংগলিক ৰীতি নীতিৰে নৌসেনা বাহিনীৰ কেপ্টেইন সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত বহিছিল অভিনেত্ৰীগৰাকী। এটা বছৰ ভালকৈয়ে যোৱাৰ পাছত হঠাত কলকাতাৰ স্বামীৰ গৃহৰ পৰা পুনৰ গুৱাহাটীলৈ গুচি আহি ইয়াতে স্থায়ীভাৱে থাকিবলৈ লৈছিল অভিনেত্ৰীগৰাকীয়ে।

কি কাৰনত তেওঁ ঘৰলৈ গুচিঁ আহিছিল সেই কথা ৰাজহুৱা হোৱা নাছিল যদিও শেহতীয়া সাক্ষাতকাৰত শ্যামন্তিকাই সকলো কথা মুকলিকৈ কৈছে। শ্যামন্তিকাই বিয়াৰ সিদ্ধান্তটো এটা ভুল সিদ্ধান্ত বুলি অভিহিত কৰাৰ লগতে সেই সময়খিনিক এক জটিল সময় বুলিও খেদ প্ৰকাশ কৰে। এগৰাকী ভুল মানুহৰ সৈতে জীৱনৰ সপোন দেখিবলৈ লৈছিলো বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়- মোৰ পৰা বহু কথাই লুকুৱাই ৰখা হৈছিল।

তেওঁ লগতে কয়- মই ছাগে তেওঁৰ ৩নম্বৰ গৰাকী পত্নী আছিলো। মোৰ আগৰগৰাকীৰ এটি সন্তানো আছে। তেওঁৰ প্ৰথম বিয়া হৈছিল ২৫বছৰ বয়সতে। মোৰ পৰা সেই সকলো কথা লুকুৱাই ৰখা হৈছিল আৰু তেওঁৰ সেইবোৰ কথা ধৰা পৰে বুলিয়েই মোক মানসিক নিৰ্যাতন কৰিছিল। কোনো মানুহক লগ কৰিবলৈ দিয়া নাছিল। আনকি তেওঁ মোক তেওঁৰ ঘাই ঘৰখনলৈও যাবলৈ দিয়া নাছিল।

ঘৰলৈ যেতিয়া কোনোবা মানুহ আহে, তেওঁ মোক ৰূমত দৰ্জা মাৰি থয়। কেতিয়াবা তেওঁৰ ঘৰলৈ যাম বুলি কলেও মোক গুৱাহাটীলৈ পঠিয়াই দিয়ে। বহুত সহ্য কৰিলো আৰু অৱশেষত হতাশ হৈ মই পুনৰ মাৰ গুৱাহাটীৰ ঘৰলৈ উভতি আহিলো। ইয়ালৈ আহিও কাৰো সৈতে কথা পাতিব পৰা নাছিলো। হতাশ হৈ মই ৰূমৰ ভিতৰতে সোমাই সোমাই মোৰ ওজনো বৃদ্ধি হৈছিল।

অৱশেষত অসমবাসীৰ মৰম পাই তেওঁ পুনৰ ৰাইজৰ মাজলৈ ঘুৰি আহিল বুলি সাক্ষাতকাৰটোত উল্লেখ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme