1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

অহা বছৰ ফাটাফাটি হ’ব সৰস্বতী পূজা কিয়?

  • Update Time : Friday, January 27, 2023

ডিজিটেল ডেস্কঃ  আজি একেটা দিনতে ৰাজ্যজুৰি গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা পালন কৰা হৈছে। এফালে দেশভক্তিৰে গদগদ অসমবাসী৷ আনহাতে যুৱ সমাজ আজি পুৱাৰে পৰা ব্যস্ত বীণাপাণিৰ আৰাধানাত৷ সেয়েহে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আজি ব্যাপক তৎপৰ শিক্ষাৰ্থী৷ জ্ঞান, শিক্ষাৰ দেৱীক আৰাধনা কৰিবলৈ পূজা কৰি গৈছে আধ্যাত্মিকভাৱে শিক্ষাৰ্থীয়ে পূজা কৰি নিৰ্মালী গ্ৰহণ কৰে৷ সৰস্বতী পূজা বুলি ক’লেই দুই-তিনি দিন পূৰ্বৰ পৰাই শিক্ষাৰ্থীৰ ব্যস্ততা৷

বিশেষকৈ যুৱতী তথা ছাত্ৰীসকলে বজাৰ কৰাত ব্যস্ত হয়৷ কোনে কি পিন্ধিব, কি ৰঙৰ কোনযোৰ কাপোৰ পিন্ধিব তাকেই লৈ চিন্তা৷ মুঠৰ ওপৰত নিজকে লাৱণ্যময়ী হিচাপে দেখুৱাবলৈ প্ৰয়াস কৰে যুৱতীসকলে৷ যুৱ প্ৰজন্মৰ বাবে সৰস্বতী পূজা হৈছে এটা বিশেষ দিন। পূজাৰ দিনটোত বিদ্যালয়ৰ বন্ধু, প্ৰেমিকৰ হাতত হাত ধৰি চহৰৰ, অলিবাটত খোজ কাঢ়ি সময় কটোৱা দেখা যায়। এই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে ছাত্ৰ-ছাত্ৰীসকলে। আজিৰ দিনটোক স্মৰণীয় কৰিবলৈ প্ৰয়াস কৰে৷ এই দিনটোতে বহুতৰে চকুৰ মিলন হয়৷ আন বহুতে আকৌ প্ৰেমৰ প্ৰস্তাৱ দিবলৈও আজিৰ দিনটোৰ বাবে ৰৈ থাকে।

এইবেলি যেন স্বৰস্বতী পূজা কিছু সুকীয়া আছিল৷ কিয়নো স্বৰস্বতী পূজাৰ দিনটোত দেশে পালন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱস৷ গণৰাজ্য দিৱস আৰু সৰস্বতী পূজা একেটা দিনতে উদযাপন কৰা হৈছে। পুৱাই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীয়ে স্বৰস্বতী পূজাত ব্যস্ত হৈছে৷ স্বৰস্বতী পূজাত প্ৰেমিক-প্ৰেমিকাসকলে বিভিন্ন পৰিকল্পনা কৰি ৰখাৰ সমানে স্বৰস্বতীক উপাসনা কৰিছে। প্ৰতিবছৰে এই পৰিকল্পনাই কৰে কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। এইবাৰৰ দৰে ২০২৪ চনত সৰস্বতী পূজাৰ দিনটো এক বিশেষ আশ্চৰ্যৰ দিন হৈ পৰিব৷

কিয়নো সৰস্বতী পূজা অহা বছৰৰ ১৪ ফেব্ৰুৱাৰীত পৰিব। অৰ্থাৎ স্বৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে একেলগে! অৰ্থাৎ একেটা দিনত দুটা প্ৰেমৰ দিন৷ ২০২৪ চনত সৰস্বতী পূজাৰ দিনটোত দেৱীক আৰাধনা কৰাৰ লগতে প্ৰিয়জনীকো সময় দিব লাগিব৷ বহুতে কৈ দিম বুলি ভাবি থকা প্ৰেমৰ প্ৰস্তাৱো দিব পাৰিব ১৪ ফেব্ৰুৱাৰীতে৷ তেন্তে পৰৱৰ্তী বছৰৰ বাবে এতিয়াৰ পৰাই অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে শিক্ষাৰ্থীয়ে। একেটা দিনত ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা৷ ইয়াতকৈ আৰু ভাল দিন কি হ’ব পাৰে!

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme