ডিজিটেল ডেস্কঃ পাঠানৰ অভূৰ্তপূৰ্ব সফলতাৰ পাছত অভিনেতা শ্বাহৰুখ খানে ২কোটি টকীয়া এখন বিলাসী বাহন লোৱাৰ কথা আপোনাৰ নিশ্চয় মনত আছে। কিন্তু শেহতীয়াকৈ অসমীয়া ছবি ৰঘুপতি চুপাৰ-ডুপাৰ হিট হোৱাৰ পাছতে ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে কিনিলে এখন বিলাসী বাহন। প্ৰাপ্ত খবৰ অনুসৰি, ছবিখনৰ অপাৰ সফলতাৰ পাছতে সুব্ৰতে পত্নীৰ সৈতে যোৱা ২১জুনত ক্ৰয় কৰিলে বাহনখন।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় দুটা সপ্তাহ পাৰ হোৱাৰ পাছতো অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত সগৌৰৱেৰে চলি আছে ৰঘুপতি। এতিয়াও প্ৰায়বোৰ চিনেমাগৃহত ছবিখনক লৈ ব্যাপক উতকন্ঠা অব্যাহত আছে দৰ্শকৰ মাজত। এতিয়ালৈকে ছবিখন প্ৰায় ৮কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ছবিখনে এটা দিনতে ৮০লাখৰো অধিক ব্যৱসায় কৰি অসমীয়া ছবিজগতত ইতিহাসৰ সৃষ্টি কৰিছে।
অচিৰেই ৰঘুপতিয়ে অসমীয়া ছবিজগতত বৰ্তমানলৈকে অধিক উপাৰ্জনকাৰী চিনেমাৰ অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে। ছবিখনৰ এই সফলতাৰ পাছতে সুব্ৰত কাকতিয়ে বিলাসী বাহন ক্ৰয় কৰাক লৈ এতিয়া সকলোৱে কৈছে যে, ভাল ছবি উপহাৰ দিলে দৰ্শকে এনেদৰেই ৰিৰ্টাণ উপহাৰ দিয়ে।