1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:23 pm

হায়ৰে কপাল! ছেলফী উঠি বিপদত পৰিল এটা চোৰ…

  • Update Time : Thursday, June 30, 2022

ডিজিটেল সংবাদ, যোৰহাটঃ ব্যৱসায়ীৰ সৈতে এখন ছেলফী উঠিয়েই বিপদত পৰিল এটা চোৰ, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…ফটোখন ভাইৰেল কৰাৰ অনুৰোধ ৰাইজলৈ যোৰহাটত (Jorhat) সংঘটিত হৈছে এক অঘটন। ব্যৱসায়ীৰ সৈতে ছেলফী (Selfiee) মাৰি বিপদত পৰিল এটা চোৰ এটা চোৰ, এটা মোবাইল আৰু এখন ছেলফী। যোৰহাটত (Jorhat) সংঘটিত হৈছে এক অঘটন। ব্যৱসায়ীৰ সৈতে ছেলফী (Selfiee) মাৰি বিপদত পৰিল এটা চোৰ।

বৃহস্পতিবাৰে পুৱাই এখন ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হয় এজন গ্ৰাহক। গ্ৰাহকজনে কিনে এটা বেগ। আৰু তাৰ পিছত ব্যৱসায়ীজনৰ সৈতে কিবা টকা ট্ৰেঞ্চফাৰৰ কথা সুধি গুচি যায় পিছত পুনৰ দোকানখনলৈ আহে গ্ৰাহকজন।পুৱাৰ প্ৰথম গ্ৰাহক সাক্ষাৎ ভগৱান-এই কথা সৰোগত কৰি ব্যৱসায়ীজনে গ্ৰাহকজনক খোৱালে চাহ মিঠায়ো। পিছে গ্ৰাহকে ব্যৱসায়ীজনৰ মোবাইলৰ পৰা ফোন এটা কৰো বুলি কৈ ব্য়ৱসায়ীজন ব্যস্ত থকাৰ সময়তে মোবাইলসহ উধাও হয় চোৰটো (Mobile Thief)।

ইফালে ব্যৱসায়ীজনৰ আকৌ এটা সাংঘাতিক চখ আছিল। তেওঁৰ দোকানলৈ পুৱা অহা প্ৰায়বোৰ গ্ৰাহকৰে অনুমতি সাপেক্ষে ছেলফী লৈ ফেচবুকত আপলোড কৰিছিল। আৰু আজি অহা গ্ৰাহকৰূপী চোৰটোৰো ছেলফী মাৰি ফেচবুকত আপলোড দিছিল ব্যৱসায়ীজনে। এতিয়া সাংবাদিকৰ আগত ব্যৱসায়ীজনে কয়- তেওঁৰ এই চখটোৰ বাবে হয়তো তেওঁ হয়তো মোবাইলটো ঘূৰাই পাব।সাম্প্রতিক চোৰৰ সৈতে মৰা ছেলফীখন ভাইৰেল কৰিবৰ বাবে ৰাইজক অনুৰোধ জনাইছে ব্যৱসায়ীজনে। এই সন্দৰ্ভত ইতিমধ্যে যোৰহাট আৰক্ষী থানাত (Jorhat Police) এজাহাৰ দাখিল কৰিছে ব্যৱসায়ীজনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme