ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ সাংসদ তথা অভিনেতা চানী দেউলে কিয় ভোটদান নকৰি বিদেশত থাকিল সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীয়ে সদৰি কৰিছে যে, তেওঁ নিৰ্বাচনৰ আগে আগে নহয়, নিৰ্বাচনৰ বহু দিনৰ আগৰে পৰাই বিদেশতে আছে। আৰু তেওঁ ফুৰিবলৈ বিদেশলৈ যোৱা নাই, অসুস্থ স্বাস্থ্যৰ সন্দৰ্ভত ডাক্তৰৰ পৰামৰ্শৰ লগতে প্ৰয়োজনীয় চিকিতসা কৰিবলৈহে গৈছিল বিদেশলৈ।
উল্লেখ কৰা প্ৰয়োজন যে, উক্ত বিষয়টোক লৈ বিগত দিনকেইটাত বিৰোধীয়ে তীব্ৰ কটাক্ষ কৰিছিল শাসনাধিষ্ঠ বিজেপি দলটোক। আৰু এই কটাক্ষৰে শেহতীয়াকৈ উত্তৰ দিলে বিজেপিৰ সাংসদগৰাকীয়ে।