1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:23 pm

সাংবাদিকতা ভাল পোৱা মুখ্যমন্ত্ৰীৰ কন্যা সুকন্যাৰ আজি ওপজা দিন…

  • Update Time : Friday, June 30, 2023

ডিজিটেল ডেস্কঃ নাম সুকন্যা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ তনয়া। সচৰাচৰ ৰাজনীতিবিদৰ সন্তানে যি বৃত্তি বিচাৰে, তাতকৈ কিছু পৃথক বৃত্তিত ভৰি থলে মুখ্যমন্ত্ৰী শৰ্মাৰ কন্যা সুকন্যা শৰ্মাই। এটা ৰাষ্ট্ৰীয় চেটেলাইট চেনেলত সাংবাদিকতাৰ আদিপাঠ গ্ৰহণত ব্যস্ত সুকন্যাক লৈ এতিয়া নানান চৰ্চা। বহুতৰ মনত প্ৰশ্নৰ উদয় হৈছে, ইমান প্ৰত্যাহ্বানৰ মাজত কিয় সাংবাদিকতাকে বাচি ললে মুখ্যমন্ত্ৰীৰ কন্যাই। চৰ্চিত সেই সুকন্যা শৰ্মাৰে আজি ওপজা দিন।

হয়তো সকলোৱে জানে যে, মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মা নিজেই এটা চেনেলাইট চেনেলৰ স্বত্বাধিকাৰী। গতিকে সুকন্যাই ইচ্ছা কৰা হলে অসমতেই সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেতেন। কিন্তু অসমত নহয়, এটা ৰাষ্ট্ৰীয় চেনেলৰ পৰা সাংবাদিকতাৰ প্ৰতি থকা সকলো প্ৰত্যাহ্বান ভালদৰে শিকি লব বিচাৰিছে সুকন্যাই। হয়তো কিছু বছৰ অভিজ্ঞতাৰ পাছত অসমলৈ ঘূৰি আহি মাতৃৰ চেটেলাইট চেনেলৰ গুৰিবঠা ধৰিব পাৰে সুকন্যাই। সেই চিন্তা কৰিয়েই হয়তো, সুকন্যাক এনেদৰে প্ৰশিক্ষণৰ বাবে পঠোৱা হৈছে অসমৰ বাহিৰলৈ। এক কথাত কবলৈ হলে, মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাৰ পিছত সাংবাদিকতাৰ জগতখনত গুৰিবঠা ধৰিবলৈ সাজু কৰি থকা হৈছে সুকন্যা শৰ্মাক।

উল্লেখ কৰা প্ৰয়োজন যে, হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই অধিবক্তাৰ শিক্ষা গ্ৰহণ কৰি আছে। সকলো ঠিকে থাকে থাকিলে হয়তো, পিতৃৰ দৰেই এদিন অধিবক্তা আৰু পাছলৈ ৰাজনীতিৰ পথাৰত খোজ দিব পাৰে নন্দিল বিশ্ব শৰ্মাই। এতিয়া সময়েহে কব, এই চিন্তা-চৰ্চাবোৰে কিমানখিনিলৈ দিঠক ৰূপ পায় ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme