ডিজিটেল ডেস্কঃ কেইবাদশক ধৰি ভাৰতীয় সংবাদজগতত দপদপাই থকা সুধীৰ চৌধুৰীৰ চিনি নোপোৱা মানুহ সংখ্যা হয়টো খুবেই তাকৰ। দেশৰ অন্যতম ৰাষ্ট্ৰীয় সংবাদ সংস্থা জি টিভিৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বত থকা এইগৰাকী সাংবাদিকে ত্যাগ কৰিলে জি টিভি। ইয়াৰ পাছতে এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে যে, নতুনকৈ কোন চেনেলত সোমাব সুধীৰ চৌধুৰী।
সকলোৱে জানে সুধীৰ চৌধুৰীৰ সৈতে শাসকীয় বিজেপিৰ দলৰ আছে এটা ভাল সম্পৰ্ক। বহু সময়ত বাতৰি পৰিৱেশনক লৈ নেটিজেনসকলৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হবলগীয়া হয় সাংবাদিকগৰাকী। কিন্তু হঠাতে জি টিভিৰ মুখ্য সম্পাদকৰ দৰে গুৰু দায়িত্ব কিয় ত্যাগ কৰিলে সুধীৰ চৌধুৰীয়ে। দৰাচলতে হঠাতে জি টিভি ত্যাগ কৰা নাই সুধীৰ চৌধুৰীয়ে। যথেষ্ট চিন্তা-চৰ্চা আৰু কিছু নতুন পৰিকল্পনা কৰি জি টিভিৰ চাকৰি এৰিলে সুধীৰ চৌধুৰীয়ে।
শেহতীয়াকৈ চলা চৰ্চা অনুসৰি, নিজৰ নতুন চেনেল খুলিব সুধীৰ চৌধুৰীয়ে। সুধীৰ চৌধুৰীয়ে ভৱিষ্যতে কি কৰিব তাক লৈ শেহতীয়াকৈ বিভিন্ন খবৰ প্ৰকাশ পাইছে। কিন্তু আঁচল কথাটো হল, নিজে চেনেল খোলাৰ পৰিকল্পনা কৰিছে সুধীৰ চৌধুৰীয়ে। অচিৰেই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সংযোজিত হব এই নতুন চেনেলটো। এই চেনেলটোৰ সমস্ত ধন ব্যয় কৰিব আদানী গ্ৰুপে। মুঠৰ ওপৰত সকলো ঠিকে ঠাকে থাকিলে টিভিৰ পৰ্দাত পুনৰ নতুন পৰিকল্পনাৰে আহি আছে সুধীৰ চৌধুৰী। এতিয়া সময়েহে কব, জি টিভিত ডি এন এৰ দৰে ছুপাৰহিট অনুষ্ঠান উপহাৰ দিয়া সুধীৰ চৌধুৰীয়ে দৰ্শকক নতুনকৈ কি উপহাৰ দিয়ে।