ডিজিটেল ডেস্কঃ জি নিউজ এৰি আজ টকত যোগদান কৰিছে দেশৰ জনপ্ৰিয় সংবাদিক তথা নিউজ এংকৰ সুধীৰ চৌধুৰীয়ে। জি নিউজত ডি এন এৰ দৰে জনপ্ৰিয় অনুষ্ঠানৰ উপহাৰ দিয়া সুধীৰ চৌধুৰীয়ে এতিয়া কি অনুষ্ঠান নুতনকৈ আৰম্ভ কৰিব তাক লৈ জল্পনা-কল্পনা অব্যাহত আছে। এনে সময়তে, ইণ্ডিয়া টুডে গ্ৰুপৰ উপাধ্যক্ষ কল্লী পুৰীয়ে সদৰি কৰিছে যে এক নতুন ধাৰাৰ অনুষ্ঠান লৈ আহি আছে সুধীৰ চৌধুৰী।
তেওঁ লগতে কয়- আজ টকত সুধীৰ চৌধুৰীয়ে আমাৰ লগত পৰামৰ্শদাতা সম্পাদক হিচাপে যোগদান কৰিব বুলি শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো। সুধীৰ আৰু আজ টকৰ সহযোগিতাত তেওঁৰ দ্বাৰা এংকৰ কৰা এটি ৰোমাঞ্চকৰ নতুন অনুষ্ঠান আমাৰ ১০ কোটি দৰ্শকৰ মাজলৈ লৈ আহিছে। নিউজ ডাইৰেক্টৰ সুপ্ৰিয়া প্ৰসাদৰ তত্বাৱধানত থাকিব এই অনুষ্ঠান।
কল্লী পুৰীয়ে লগতে কয়, তেওঁৰ প্ৰথম উদ্যোগটো আমাৰ সৈতে মিত্ৰতা কৰাটো বৰ ভাল কথা আৰু মই আন প্ৰকল্পত একেলগে কাম কৰিবলৈ আগ্ৰহী। মই নিশ্চিত যে সুধীৰ আৰু আজ টক এনে এক শক্তিশালী সংমিশ্ৰণ হ’ব যিয়ে আমাৰ ছুপাৰষ্টাৰ এংকৰৰ পৰ্টফলিঅ’ক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আমাক দেশৰ ভিতৰতে এক অন্যতম নিউজ ব্ৰেণ্ড কৰি তুলিব। সুধীৰ আপোনাক স্বাগতম।
সুধীৰ চৌধুৰীৰ শেহতীয়া সিন্ধান্তই সুখী কৰি তুলিছে আজ টক পৰিয়ালক। বিগত সময়ছোৱাৰ অভিজ্ঞতাৰে প্ৰৱীণ সাংবাদিকগৰাকীয়ে সংবাদক্ষেত্ৰখনলৈ কিদৰে অৰিহণা যোগায় সেয়াহে হ’ব লক্ষ্যণীয়।