1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:05 pm

অলপতে ভাগৰি পৰিলে নহ’ব! দৃষ্টিহীন য়শে পালে ৪৭লাখ টকাৰ দৰমহাৰ চাকৰি…

  • Update Time : Wednesday, August 31, 2022

ডিজিটেল ডেস্কঃ আত্মবিশ্বাসেৰে পৃথিৱীৰ যিকোনো শক্তিৰ সৈতে অনাসায়ে মোকাবিলা কৰিব পাৰি। নিজৰ ওপৰত যদি বিশ্বাস থাকে আৰু কিবা এটা কৰাৰ যদি সাহস থাকে তেন্তে এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। ইয়াৰ জলন্ত উদাহৰণ ভাৰতৰ য়শ নামৰ ২৫বছৰীয়া যুৱকজন। য়শে চকুৰে নেদেখে কিন্তু নিজৰ কষ্ট আৰু একাগ্ৰতাৰ বাবে য়শে শেহতীয়াকৈ লাভ কৰিছে বছৰি ৪৭লাখ টকাৰ দৰমহা পোৱা এটা চাকৰি। এই চাকৰি য়শে লাভ কৰি মাইক্ৰচফট কোম্পানীত।

উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৮বছৰৰ পৰা এক বেমাৰৰ বাবে য়শে একেবাৰে নেদেখা হৈ পৰিছিল। কিন্তু য়শে এগৰাকী অভিযন্তা হোৱাৰ হেপাহ মনত পুহি ৰাখিছিল আৰু অৱশেষত এই লক্ষ্যত উপনীত হল  প্ৰৱল আত্মবিশ্বাসী যুৱকগৰাকী। দৃষ্টিহীন হোৱাৰ পাছত এক বিশেষ স্কীণ ৰীডাৰৰ জৰিয়তে পঢ়া-শুনা কৰিছিল য়শে। গণিত আৰু বিজ্ঞান পঢ়াৰ ক্ষেত্ৰত য়শক সহায় কৰিছিল তেওঁৰ ভগ্নীয়ে।

কঠোৰ পৰিশ্ৰমৰ ফচল হিচাপে অৱশেষত য়শে লাভ কৰিলে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান মাইক্ৰচফটৰ চাকৰিৰ অফাৰ। এই চাকৰিৰ বাৰ্ষিক দৰমহা ৪৭লাখ টকা অৰ্থাত মাহে পাব ৩লাখৰো অধিক দৰমহা। এয়াই হৈছে আত্মবিশ্বাসৰ ফল। উল্লেখ কৰি থও যে, য়শৰ ঘৰ হৈছে মধ্য প্ৰদেশত। তেওঁৰ সম্পূৰ্ণ নাম হৈছে য়শ সৌনেকিয়া।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme