1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:03 am

শিক্ষাৰ্থীৰ ভৱিষ্যতঃ সদৌ অসম ছাত্ৰ সন্থা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৈঠক

  • Update Time : Thursday, February 3, 2022

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এখনি বৈঠক অনুষ্ঠিত হৈ যায়।বৈঠকৰ পিছতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এইবাৰ ১০০ শতাংশ পাঠ্যক্ৰম পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছে।

বহু পৰীক্ষাৰ্থীয়ে পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা কৈছিল। কিন্তু তাৰ পৰিৱৰ্তে ১০০% পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছে।তেওঁ লগতে কয়- ছাত্ৰ- ছাত্ৰী সকলে চিন্তা কৰিব নালাগে। ১০০% পাঠ্যক্ৰমৰ পৰা প্ৰশ্ন কাকত প্ৰস্তুত কৰিলেও প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব বিকল্প প্ৰশ্ন। অৰ্থাৎ যদি ১০টা প্ৰশ্নৰ উত্তৰ দিব লাগে তেনেহলে তাৰ বিপৰীতে থাকিব আন ১০টা বিকল্প প্ৰশ্ন।আমি ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা কৈছিলোঁ। তাত সকলোৱে সহমত প্ৰকাশ কৰিছে।

বৰুৱাই লগতে কয়- কোভিড পৰিস্থিতি প্ৰতিও গুৰুত্ব দিব কৈছোঁ। যদি কোনো পৰীক্ষাৰ্থী কোভিড আক্ৰান্ত হয়, তেনেহলে তেওঁকো পৰীক্ষা দিয়াৰ বাবে সুকীয়া ব্যৱস্থা কৰিব কৈছোঁ। আমি পৰীক্ষা কেন্দ্ৰ বৃদ্ধিৰ বাবে কৈছিলোঁ। এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লব উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এইবাৰ এটা দুখৰ বিষয় যে পূৰ্বতকৈ পৰীক্ষাৰ্থী কমিছে। প্ৰায় ৩৫ হাজাৰ পৰীক্ষাৰ্থী কমিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme