1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:29 am

অমৃতা গগৈলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, ৰীমা দাস শ্ৰেষ্ঠ পৰিচালক…

  • Update Time : Friday, March 10, 2023

ডিজিটেল ডেস্কঃ কেইবাবছৰৰ বিৰতিৰ মূৰত ১০মাৰ্চ ২০২৩ত অসম চৰকাৰে ঘোষণা কৰিলে ২০১৮বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বটাঁ। ঘোষণা অনুসৰি, ২০১৮বৰ্ষত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজুৰি আনিলে অমৃতা গগৈয়ে। নিজানৰ গানত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰিলে অমৃতাই। ইফালে শ্ৰেষ্ঠ পৰিচালক সন্মান ৰীমা দাসলৈ। বুলবুল কেন চিঙৰ বাবে এই সন্মান দাসলৈ।

আনফালে শ্ৰেষ্ঠ ছবিৰ বটাঁ বুলবুল কেন চিঙলৈ আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ সংগীতৰ বটাঁ অনুৰাগ শইকীয়ালৈ। চোৰ ছবিখনৰ বাবে এই সন্মান শইকীয়ালৈ। শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ সন্মান লাভ কৰিলে ৰক্তবীজে। উৎকল হাজোৱাৰীলৈ শ্ৰেষ্ঠ অভিনেতাৰ বটাঁ। Suspended Inspector Bodo ছবিখনৰ বাবে এই সন্মান।

বাহাৰুল ইছলামলৈ শ্ৰেষ্ঠ খলনায়কৰ বটাঁ। ৰক্তবীজ ছবিত অভিনয়ৰ বাবে এই সন্মান। দীপক দেলৈ শ্ৰেষ্ঠ কৰিঅগ্ৰাফাৰৰ সন্মান। শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বটাঁ (পুৰুষ) ইবচনলাল বৰুৱালৈ। ভগা খিৰিকিৰ বাবে এই সন্মান বৰুৱালৈ। শ্ৰেষ্ঠ কন্ঠশিল্পীৰ বটাঁ(মহিলা) নাহিদ আফৰিনলৈ। নিজানৰ গানৰ বাবে এই সন্মান। শ্ৰেষ্ঠ সাজসজ্জাৰ সন্মান লাভ কৰিছে জেৰিনা বসুমতাৰীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme